ডাউনলোড
মোবাইল এপ

android apple
signal

অহা ৬ ডিচেম্বৰৰ পৰা ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ

অহা ৬ ডিচেম্বৰৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ’বলগীয়া অষ্টলক্ষ্মী মহোৎসৱে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দেশৰ অন্যান্য প্ৰান্তৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক ব্যৱধান দূৰ কৰিব বুলি উত্তৰ-পূব উন্নয়ন মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আশা প্রকাশ কৰিছে। তিনিদিনীয়া এই মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ সংস্কৃতি আৰু প্ৰাকৃতিক সম্পদৰ প্ৰদৰ্শনৰ লগতে অঞ্চলটোৰ বিভিন্ন কলা-কৃষ্টি প্ৰদৰ্শন কৰা হ’ব। আজি নতুন দিল্লীত আয়োজিত এখন সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে কয়, যে অষ্টলক্ষ্মী মহোৎসৱ হৈছে লক্ষ্মী দেৱীৰ ৮ টা অৱতাৰ যেনে- সমৃদ্ধি, সম্পদ, জ্ঞান, ধৰ্ম, কৃষি আৰু অন্যান্য বৈশিষ্ট্যৰ প্ৰতীক। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ উন্নয়নেই হৈছে এই মহোৎসৱ উদযাপনৰ প্ৰধান লক্ষ্য। মন্ত্ৰীগৰাকীয়ে এজনী কণমানি ছোৱালীক প্ৰতিফলিত কৰা পূৰ্বী নামৰ প্ৰতীকটো আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ বৈশিষ্ট্যসমূহ এই পূৰ্বী প্রতীকৰ সাজ-পাৰত সন্নিৱিষ্ট কৰা হৈছে। অষ্টলক্ষ্মী মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে৷

অধিক পঢ়ক

সকলো চাওক