April 25, 2024 12:12 PM | HS Result

printer

অহা ৫ মে’ৰ ভিতৰত ২০২৪ বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা

অহা ৫ মে’ৰ ভিতৰত ২০২৪ বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব । শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকাশ কৰিছে। এইবাৰ ৰাজ্যৰ ৮৭৬টা কেন্দ্ৰত অনুষ্ঠিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত মুঠ ২ লাখ ৮০ হাজাৰ ২১৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ১ লাখ ৩৭ হাজাৰ ৪৮৪ জন ছাত্ৰ আৰু ১ লাখ ৪২ হাজাৰ ৭৩২ গৰাকী ছাত্রী। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে, এই বেলি ফলাফলৰ ক্ষেত্ৰত ষ্টেণ্ড বা স্থান লাভৰ ব্যৱস্থা উঠাই দিয়া নিদিয়া সম্পৰ্কত এতিয়ালৈ কোনো সিদ্ধান্ত লোৱা নাই। শিক্ষা সংসদে আলোচনাৰ ভিত্তিত দুই এদিনৰ ভিতৰতে এই সম্পৰ্কত সিদ্ধান্ত ল’ব বুলি জানিব পৰা গৈছে। আনহাতে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষত নামভৰ্তিৰ বাবে শিক্ষা সংসদে দর্পণ শীর্ষক এটা নামভৰ্তি প’ৰ্টেল মুকলি কৰিছে। ছাত্র-ছাত্রীসকলে www.darpan. ahseconline.in বা www.ahsec.govt.in ত অনলাইনৰ জৰিয়তে আৱেদন দাখিল কৰিব পাৰিব। অহা ২ মে’ পর্যন্ত আৱেদন দাখিলৰ সময়সীমা ধাৰ্য কৰা হৈছে। অনলাইন আৱেদনৰ দাখিলৰ পিছত ৩ মে’ৰ পৰা ৪ মে’ৰ ভিতৰত শিক্ষানুষ্ঠানসমূহৰ দ্বাৰা যোগ্যতা তালিকা, অপেক্ষাৰত তালিকা প্ৰস্তুত কৰা হ’ব। ৬ৰ পৰা ৮ মে’ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ বাবে শিক্ষানুষ্ঠানৰ নাম নিশ্চিত কৰিব লাগিব। ৯ আৰু ১০ মে’ত অনলাইন পদ্ধতিৰে নামভৰ্তি সম্পন্ন হ’ব।

অধিক পঢ়ক

সকলো চাওক