June 18, 2024 11:48 AM | Maan ki Baat

printer

অহা ৩০ জুনত আকাশবাণীযোগে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ জুনত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ’ব অনুষ্ঠানটিৰ ১১১ সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ’বলগীয়া প্ৰথম খণ্ড । প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১- ৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে ২৮ জুন পর্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ’ব । আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেৱছাইট আৰু নিউজ অন মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্রধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ’ব। এই অনুষ্ঠানৰ ঠিক পাছতেই আকাশবাণীয়ে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।

অধিক পঢ়ক

সকলো চাওক