অহা ২৮ জুনত ইৰাণত ৰাষ্ট্ৰপতি নির্বাচন

অহা ২৮ জুনত ইৰাণৰ ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ’ব। দেশখনৰ চৰকাৰী সংবাদ প্রতিষ্ঠান IRNA-ই এই কথা প্ৰকাশ কৰি কৈছে যে দেশখনৰ অন্তৱৰ্তী ৰাষ্ট্ৰপতি মহম্মদ ম’খবেৰ, ন্যায়পালিকাৰ মুৰব্বী গোলামহোছেইন মহছেনি-এজেই আৰু সংসদৰ অধ্যক্ষ মহম্মদ বাকেৰ কোৱালিবাফৰ লগতে আইনী পৰিক্ৰমা দপ্তৰৰ উপ-ৰাষ্ট্ৰপতি মহম্মদ ডেহকান আৰু ইৰাণৰ সাংবিধানিক পৰিষদ তথা আভ্যন্তৰীণ মন্ত্ৰ্যালয়ৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে এটা হেলিকপ্তাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছিৰ মৃত্যু ঘটাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ শীৰ্ষ নেতা আয়াতুল্লা আলী খামেনিয়ে উপ-ৰাষ্ট্ৰপতি মহম্মদ ম’খবেৰক অন্তৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিছিল। ইৰাণৰ সংবিধান অনুসৰি অন্তৱৰ্তী ৰাষ্ট্ৰপতিগৰাকীয়ে সৰ্বাধিক ৫০ দিনৰ ভিতৰত এগৰাকী নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে। উল্লেখযোগ্য যে দেশখনৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়াবলৈ বিচৰা প্ৰাৰ্থীসকলৰ পঞ্জীয়ন অহা ৩০ মে’ৰ পৰা ৩ জুনৰ ভিতৰত সম্পন্ন হ’ব। আনহাতে, নির্বাচনী প্ৰচাৰৰ বাবে ১২ জুনৰ পৰা ২৭ জুনৰ ভিতৰত সময় ধাৰ্য কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক