ডাউনলোড
মোবাইল এপ

android apple
signal

February 17, 2025 12:21 PM | IPL 2025

printer

অহা ২২ মাৰ্চৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ক্রিকেট প্ৰতিযোগিতা

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বর্ডে অহা ২২ মাৰ্চৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ক্রিকেট প্ৰতিযোগিতা আৰম্ভ হব বুলি কালি ঘোষণা কৰে। আই পি এলৰ ১৮ সংখ্যক সংস্কৰণত ইণ্ডিয়ান প্রিমিয়াৰ লীগ বিশ্বৰ আটাইতকৈ লাভজনক ব্যৱসায় ভিত্তিক টি-২০ ক্রিকেট প্রতিযোগিতা হিচাপে বিবেচিত হৈছে। অহা ২২ মাৰ্চত কলকাতাৰ প্ৰখ্যাত ইডেন গার্ডেনছ ষ্টেডিয়ামত বৰ্তমানৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত আৰম্ভণি মেচখন অনুষ্ঠিত হব। দ্বিতীয় মেচখন চানৰাইজাৰ্ছ হাইদৰাবাদ আৰু ৰাজস্থান ৰয়েলচৰ মাজত অহা ২৩ মাৰ্চত অনুষ্ঠিত হ’ব। দেওবাৰে দুপৰীয়া হ’বলগীয়া মেচখন হায়দৰাবাদৰ উপ্পালৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এইবাৰৰ আই পি এলতো যোৱাবছৰৰ দৰেই মুঠ ১০টা দলে খিতাপ দখলৰ বাবে প্রতিদ্বন্দ্বিতা কৰিব। দলসমূহক পাঁচটাকৈ দুটা ভাগত ভাগ কৰা হৈছে৷ চেন্নাই ছুপাৰ কিংছ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু, ৰাজস্থান ৰয়েলছ, পঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছক গ্রুপ Aত অন্তৰ্ভুক্ত কৰা হৈছে। আনফালে মুম্বাই ইণ্ডিয়ানছ, গুজৰাট টাইটানছ, দিল্লী কেপিটেলছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছক গ্ৰুপ Bত অন্তৰ্ভুক্ত কৰা হৈছে ৷

অধিক পঢ়ক

সকলো চাওক