সংসদৰ বাজেট অধিবেশন অহা ২২ জুলাইত আৰম্ভ হ’ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে এই অধিবেশনৰ ১২ আগষ্টত সামৰণি পৰিব। ২৩ জুলাইত বিত্ত মন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সদনত দাখিল কৰিব। শ্ৰীৰিজিজুৱে কয় যে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শমৰ্মে সংসদৰ বাজেট অধিবেশনৰ বাবে দুয়োখন সদনক আহ্বান জনোৱা প্ৰস্তাৱত অনুমোদন জনাইছে। বিত্ত মন্ত্রী সীতাৰমনে লোকসভা নিৰ্বাচনৰ পূর্বে অন্তৱৰ্তী বাজেট উত্থাপন কৰিছিল। এইবাৰৰ বাজেটে দেশৰ দ্ৰুত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব পৰাকৈ বিভিন্ন সুবিধা নিশ্চিত কৰাৰ লগতে অধিক নিয়োগৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে পৰৱৰ্তী ৫ টা বছৰ ভাৰতে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত নির্ণায়ক হব বুলি মন্তব্য কৰিছে। উল্লেখযোগ্য যে ভাৰতীয় অর্থনীতিয়ে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৮.২ শতাংশ হাৰত বিকাশ লাভ কৰাৰ সময়ত এইবাৰৰ বাজেটে গুৰুত্ব বহন কৰিব বুলি আশা কৰা হৈছে। সম্প্ৰতি বিশ্বৰ অন্যতম দ্রুত বিকশিত অর্থনীতি হিচাপে বিবেচিত ভাৰতৰ মুদ্রাস্ফীতি ৫ শতাংশতকৈ নিম্নগামী হৈছে।
Site Admin | July 6, 2024 7:00 PM | Parliament House | Parliament of India | Parliament Session