April 11, 2024 8:22 PM | Election

printer

অহা ১৯ এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনৰ বাবে ছিটিজেন এক্সন পার্টীৰ প্ৰচাৰ অভিযান অব্যাহত

ছিটিজেন এক্সন পার্টীয়ে অহা ১৯ এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি গেংটকৰ মনন কেন্দ্ৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দলৰ ছিকিম নির্বাচনী ইস্তাহাৰ প্ৰকাশৰ অনুষ্ঠানত ভাষণ দি কয় যে, ছিকিমৰ জনসাধাৰণে প্ৰয়োজনীয় সা-সুবিধা লাভ কৰাৰ বাবে দলটোক ভোট দিয়া প্রয়োজন। ছিকিমৰ জনসাধাৰণ মূল সুঁতিলৈ আহিব লাগিব বুলি উল্লেখ কৰি শ্ৰী নাড্ডাই কয় যে, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিয়েই হৈছে মূল সুঁতি। বিজেপিৰ সভাপতিগৰাকীয়ে ছিকিমৰ জনসাধাৰণক দুৰ্নীতি আৰু আঞ্চলিক দলসমূহক বিদায় দিবলৈ আহ্বান জনায়। জে পি নাড্ডাই ছিকিমৰ জনসাধাৰণক শান্তি-প্ৰগতি আৰু উন্নয়নৰ আন্তঃগাঁথনিৰে এখন স্বচ্ছ আৰু জনমুখী চৰকাৰ প্ৰদান কৰাৰ আশ্বাস দিয়ে। নির্বাচনী ইস্তাহাৰ প্ৰকাশৰ অনুষ্ঠানত ছিকিমৰ বিজেপি প্ৰভাৰী ড০ দিলীপ জয়ছোৱাল আৰু ৰাজ্যিক পৰ্যায়ৰ নেতাসকলৰ উপৰি নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া প্রার্থীসমূহো উপস্থিত থাকে। কালি সন্ধিয়া গেংটকত উপস্থিত হোৱা বিজেপিৰ সভাপতি গৰাকীয়ে দলৰ প্ৰাৰ্থী আৰু বিজেপি ছিকিম প্ৰদেশৰ কার্যবাহী সদস্যকো সাক্ষাৎ কৰে।

অধিক পঢ়ক

সকলো চাওক