অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ আৰু চৰাইদেউ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত অহা ১১ এপ্রিল তাৰিখে দিনৰ ১০ বজাত চৰাইদেউ জিলাত অৱস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত এখন ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। সেই দিনা ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাৰ ৩২৩, ৩৪১, ৩৪২, ৪৪৮, ৫০৬, ৩৫২ আদিৰ অন্তৰ্গত বিভিন্ন গোচৰৰ লগতে পাৰিবাৰিক কন্দলজনিত, দেৱানী, চেক বাউন্স, মটৰ দুৰ্ঘটনা আদি বিভিন্ন গোচৰ নিস্পত্তি কৰা হ’ব। চৰাইদেউ জিলা আইনসেৱা প্ৰাধীকাৰীৰ ফালৰ পৰা ইচ্ছুক ব্যক্তিসকলক নিষ্পত্তি কৰিব বিচৰা অমীমাংসিত গোচৰসমূহৰ বাবে যাৱতীয় নথি-পত্ৰসহ ১১ এপ্ৰিলৰ দিনা আদালতত নিজে উপস্থিত থাকিবলৈ জনোৱা হৈছে।
Site Admin | April 9, 2024 8:16 PM | Choriedew
অহা ১১ এপ্রিল জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত চৰাইদেউত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন
