ডাউনলোড
মোবাইল এপ

android apple
signal

December 17, 2024 11:39 AM | Minister Ranoj Pegu

printer

অহা বছৰৰ পৰা ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্র-ছাত্রীকহে স্কুটী প্রদান কৰা হ’ব : মন্ত্ৰী ডাঃ ৰণোজ পেগু

ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত অহা বছৰৰ পৰা ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্র-ছাত্রীকহে স্কুটী প্রদান কৰা হ’ব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। কালি মাজুলীত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শিক্ষামন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ন্যূনতম ৬০ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰাৰ লগতে উচ্চতৰ মাধ্যমিকত ৬০ শতাংশ নম্বৰ পোৱা ছাত্ৰী আৰু ৬৫ শতাংশ বা তাতকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰক ৬০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটী প্ৰদান কৰিব আহিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ চৰকাৰী মহাবিদ্যালয়ত নামভৰ্তি কৰা শিক্ষাৰ্থীয়েহে স্কুটী লাভ কৰিব বুলি উল্লেখ কৰিছিল। ব্যক্তিগত প্রতিষ্ঠান, কোচিং চেণ্টাৰ আদিত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীক এই বঁটা প্ৰদান কৰা নহ’ব বুলি তেওঁ উল্লেখ কৰিছে। ইপিনে মাজুলীত আয়োজিত কালিৰ অনুষ্ঠানতে শিক্ষা মন্ত্ৰীয়ে প্ৰতিখন হাইস্কুলত এজনকৈ গণিত বিষয়ৰ শিক্ষক নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰে। অহা বছৰৰ ৰা সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ডিজিটেল শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। একেদৰে শিক্ষা বিভাগে ৩৬ হাজাৰ শিক্ষকৰ পাৰস্পৰিক বদলি প্রক্রিয়া সম্পূৰ্ণ কৰিছে বুলি প্ৰকাশ কৰি এতিয়াৰে পৰা বদলিৰ বাবে শিক্ষকসকলে শিক্ষা সেঁতু এপৰ জৰিয়তে আবেদন কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক