সমগ্ৰ শিক্ষা অভিযানে অহা বছৰৰ ৬ জানুৱাৰীত আৰম্ভ হ’বলগীয়া গুণোৎসৱৰ সংশোধিত সূচী প্ৰকাশ কৰিছে। এই কাৰ্যসূচী ৬ জানুৱাৰীত আৰম্ভ হ’ব যদিও সংশোধিত সূচী অনুসৰি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ১৮ জানুৱাৰীৰ পৰিৱৰ্তে ১৭ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব। একেদৰে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ পূৰ্বৰ ৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ৪ ফেব্ৰুৱাৰীত আৰম্ভ হ’ব। ৪ ফেব্ৰুৱাৰীত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ স্ব-মূল্যায়ন হোৱাৰ বিপৰীতে ৫-ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ বহিঃমূল্যায়ন হ’ব। আন এটা সংশোধনী অনুসৰি পশ্চিম কাৰ্বি আংলং জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। আগেয়ে এই জিলাখন তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ তালিকাত অন্তৰ্ভুক্ত আছিল। সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ১১ খন জিলাত, দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ১৪ খনত আৰু তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ১০ খন জিলাত অনুষ্ঠিত হ’ব।
Site Admin | July 31, 2024 7:25 PM | Gunotsav
অহা বছৰৰ জানুৱাৰীত আৰম্ভ হ’বলগীয়া গুণোৎসৱৰ সংশোধিত সূচী প্ৰকাশ
