ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আৰু উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে অসামৰিক সেৱা দিৱস উপলক্ষে দেশৰ সকলো অসামৰিক সেৱাৰ বিষয়াক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে অদম্য মনোভাৱেৰে দেশৰ প্ৰগতিত অসামৰিক সেৱাৰ বিষয়াসকলে কাম কৰি আহিছে বুলি উল্লেখ কৰাৰ লগতে ১৯৪৭ চনত চৰ্দাৰ বল্লভ ভাই পেটেলে উল্লেখ কৰা ৩ টা বুনিয়াদী প্রমূল্যবোধ, মর্যাদা, অখণ্ডতা, অদুর্নীতিগ্রস্ততা অক্ষুন্ন ৰখাৰ বাবে গতিশীলতা ৰক্ষাৰ বাটত ক্ষীপ্ৰতাৰে কাম কৰাৰ ক্ষেত্ৰত অসামৰিক সেৱাই সদায় প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে বুলি উল্লেখ কৰে। ইপিনে, উপৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ প্ৰশাসনীয় পৰিকাঠামোৰ ৰাজহাড়স্বৰূপে অসামৰিক সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি দেশৰ প্ৰগতিতো বিশেষ ভূমিকা পালন কৰা বুলি উল্লেখ কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে ২০৪৭ ৰ পূৰ্বে বিকশিত ভাৰত নিৰ্মাণৰ বাবে অসামৰিক সেৱাৰ লগত জড়িত কাণ্ডাৰীসকলক নিষ্ঠা সহকাৰে কাম কৰি যাবলৈ আহ্বান জনায়।
Site Admin | April 21, 2024 5:34 PM | Civil Service