ৰাজ্যখনত নাগৰিককেন্দ্ৰিক সু-শাসন নিশ্চিত কৰাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ কাম-কাজ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কিছুসময় পূৰ্বে মুখ্যমন্ত্ৰীয়ে এই আয়োগৰ কাম-কাজ শুভাৰম্ভ কৰে। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, যে এই আইনে নাগৰিকসকলৰ কল্যাণৰ বাবে নিৰ্ধাৰিত সময়ত কাম-কাজ সম্পন্ন কৰাৰ লগতে নিৰ্ভৰযোগ্যতা আৰু স্বচ্ছতা বৰ্তাই ৰখাটো নিশ্চিত কৰিব। আজিৰ দিনটো অসমৰ ইতিহাসৰ এটা উল্লেখযোগ্য দিন বুলি উল্লেখ কৰি তেওঁ আয়োগক এই ক্ষেত্ৰত সক্রিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
মুখ্যমন্ত্ৰীয়ে কয়, যে অসমৰ ৭২৫ টা সেৱা ৰাইজৰ অধিকাৰ বুলি ঘোষণা কৰা হৈছে। সেৱা সেঁতু পোৰ্টেলত এক কোটি ৫৬ লাখ আবেদন লাভ কৰা হৈছে বুলি উল্লেখ কৰি বৰ্তমানৰ চৰকাৰে এক কোটি ৪০ লাখ আবেদন নিষ্পত্তি কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে, এই আয়োগৰ জৰিয়তে জনসাধাৰণক শীঘ্ৰে সেৱা প্ৰদান, স্বচ্ছতা আৰু দায়বদ্ধতা ৰক্ষা, অনলাইন আবেদনৰ ব্যৱস্থা, নাগৰিক সবলীকৰণ আৰু সু-শাসন প্ৰৱৰ্তনৰ লক্ষ্য স্থিৰ কৰা হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ নৱ নিযুক্ত মুখ্য আয়ুক্ত অৱসৰপ্ৰাপ্ত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ড° সুজয় লাল থাওছেন আৰু দুগৰাকী আয়ুক্ত ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী আৰু বিমন চান্দ অছৱালেও অংশগ্ৰহণ কৰে।
Site Admin | November 30, 2024 7:44 PM | CMO Assam | himanta bisha sarma