অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোর্ডৰ অধ্যক্ষ হিচাপে আজি অৱসৰপ্ৰাপ্ত আই এছ বিষয়া ৰমেশ চান্দ জৈন আৰু উপাধ্যক্ষ হিচাপে ৰুক্ম গোহাঁই বৰুৱাই শপতগ্ৰহণ কৰে। মাধ্যমিক শিক্ষ পৰিদৰ কাৰ্যালয়ত আয়োজিত শপতগ্রহণ অনুষ্ঠানত বোর্ডৰ অন্যান্য সদস্য সকলেও শপতগ্ৰহণ কৰে। অনুষ্ঠানটোত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ভাগ লৈ কয় যে, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে সংগতি ৰাখি গঠন কৰা ৰাজ্যিক বিদ্যালয় শিক্ষা বোর্ডখন মূলতঃ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ বাবে দায়বদ্ধ হ’ব। বোর্ডখনে বিদ্যায়তনিক দিশসমূহৰ লগতে পৰীক্ষাপতা, প্ৰমাণপত্ৰ দিয়া, পাঠ্যক্ৰম যুগুত কৰা আদি কামসমূহ কৰিব। শিক্ষামন্ত্রী পেগুৱে লগতে কয় যে, বর্তমান দক্ষতা ভিত্তিক শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। সেই অনুসৰি ব্যৱহাৰিক, দক্ষতা ভিত্তিক শিক্ষা, শিক্ষার্থীসকলে যাতে বিদ্যালয়তে আহৰণ কৰিব পাৰে তাৰ বাবে ৰাজ্যৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়সমূহক পুৰুজ্জীৱিত কৰাৰ ব্যৱস্থা লোৱা হ’ব। লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰচেষ্ট গ্ৰহণ কৰা হৈছে বুলিও প্ৰকাশ কৰিছে। মাধ্যমিক বিদ্যালয়ৰ সংখ্যা বৰ্তমানৰ চাৰি হাজাৰ ৫০০ খনৰ পৰা ৬০০০ খনলৈ বৃদ্ধি কৰা হ’ব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে ৮ কোটি টকাকৈ প্ৰদান কৰা হ’ব। ৰাজ্যৰ প্রত্যেক ব্লকতে একোখনকৈ আই টি আই স্থাপনৰ বাবে চিন্তা-চৰ্চা কৰা বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে শপতগ্রহণ অনুষ্ঠানত ব্যক্ত কৰে।
Site Admin | September 13, 2024 8:08 PM | Akashvani | Akashvani News | Local news