অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৈতে ৰাজ্যিক নিৰ্বাচন আয়োগৰ দুখন বুজাবুজি চুক্তি

আসন্ন লোকসভা নিৰ্বাচনত ১০০ শতাংশ ভোটদান নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতে আজি অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দুখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। শ্রীগোৱেলে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকলক অসমৰ সকলো ভোটাৰক ভোটদান সুনিশ্চিত কৰাৰ বাবে অধিক সক্রিয়ভাবে কাম কৰাৰ বাবে আহ্বান জনায়। বুজাবুজিৰ চুক্তি অনুসৰি এওঁলোকে ভোটাৰসকলক ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিব। গাঁও পঞ্চায়তৰ কার্যালয়, সমবায় সমিতি কাৰ্যালয় আদিৰ হেল্প ডেস্কৰ জৰিয়তে আত্মসহায়ক গোটৰ সদস্যসকলে সাৰথি বাইদেউ নামেৰে ভোটাৰ সজাগতা তথা ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। ব্লক, গাঁওসমূহৰ ৮৫ বছৰ বা তাতোধিক বয়সৰ ভোটাৰসকলৰ লগতে দিব্যাংগসকলৰ তালিকা প্ৰস্তুত কৰি সাৰথি বাইদেউসকলে প্রশাসন পৰ্যায়ত দাখিল কৰি ভোটাধিকাৰ সাব্যস্ত কৰাত সুবিধা কৰি দিব। একেদৰে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ সাৰথি বাইদেউসকলে ১০০ শতাংশ ভোটাধিকাৰ নিশ্চিতকৰণৰ বাবে ভোটাৰৰ মাজত নীতি-নিৰ্দেশনাৱলী, হেণ্ডবুক, লিফ্‌টলেট আদি বিতৰণ কৰিব। ইয়াৰ উপৰি মহিলা ভোটাৰসকলৰ ৰেলী অনুষ্ঠিত কৰি ভোটাৰসকলক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উৎসাহিত কৰিব।

অধিক পঢ়ক

সকলো চাওক