পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালক নিবেদন দাস পাটোৱাৰীৰ লগতে অন্যান্য বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৈঠকত অভিযানৰ দ্বাৰা মহিলা আত্মসহায়ক গোটৰ জৰিয়তে মহিলা সৱলীকৰণৰ দিশত লৈ থকা বিভিন্ন পদক্ষেপৰ পৰ্যালোচনা কৰা হয়। ইয়াৰ উপৰি দক্ষতা বিকাশৰ অন্যতম কাৰ্যসূচী দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰা হয়। পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ এয়া এক উল্লেখনীয় সফলতা বুলি কৈ আগন্তুক সময়ত যাতে আৰু অধিক যুৱক-যুৱতীক বিভিন্ন শাখাত প্ৰশিক্ষণ প্ৰদানেৰে কৰ্ম সংস্থাপনৰ পথ প্ৰশস্ত কৰিব পৰা যায় সেই দিশত বিশেষ গুৰুত্ব আৰোপ কৰাৰ বাবে বিষয়াসকলক আহ্বান জনায়।
Site Admin | December 20, 2024 8:47 PM | Minister Ranjit Das