ডাউনলোড
মোবাইল এপ

android apple
signal

February 2, 2025 11:50 AM | Assam Sahitya Sabha

printer

অসম সাহিত্য সভাৰ সপ্ত সপ্ততিতম পাঠশালা অধিৱেশনৰ দ্বিতীয় দিনা ভট্টদেৱ ক্ষেত্ৰত হাজাৰ হাজাৰ লোকৰ সমাগম

অসম সাহিত্য সভাৰ সপ্ত সপ্ততিতম দ্বিবার্ষিক পাঠশালাৰ অধিৱেশনৰ কালি দ্বিতীয় দিনা ভট্টদেৱ ক্ষেত্ৰত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। কালি পুৱা সভাপতি ড০ সূর্যকান্ত হাজৰিকাই অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰি ভাষা সাহিত্যৰ অগ্ৰগতিৰ বাবে সকলো জাতি-জনগোষ্ঠীৰ লোক একত্ৰিত হৈ আগবাঢ়িব লাগিব বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে। পতাকা উত্তোনৰ পাছতে স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। কালি স্মৃতি গ্রন্থ আৰু অন্যান্য গ্রন্থ উন্মোচনী সভাৰ লগতে জনগোষ্ঠীয় সাহিত্য সন্মিলন অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত গ্রন্থ উন্মোচনী সভাখন সাহিত্য একাডেমী বঁটা প্ৰাপক সাহিত্যিক নন্দেশ্বৰ দৈমাৰীয়ে উদ্বোধন কৰে। এই সভাখনত আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আদৰণি ভাষণ দিয়ে। কালি পাঠশালা অধিবেশন উপলক্ষে দুটা খণ্ডত প্ৰকাশিত স্মৃতি গ্রন্থ বজালী বৈভৱ দৈনিক অসম কাকতৰ সম্পাদক হিতেশ ডেকাই উন্মোচন কৰে। এই অনুষ্ঠানত ডেৰ শতাধিক গ্রন্থ উন্মোচন কৰা হয়। এই অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতি-সম্পাদক সকলেও অংশগ্রহণ কৰে। ইপিনে কালি অনুষ্ঠিত জাতীয় বৌদ্ধিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠান উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননী গোপাল মহন্তই। সন্ধিয়াৰ ভাগলৈ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। কালি অনুষ্ঠিত কার্যনির্বাহক সভাত অসম সাহিত্য সভাৰ পৰৱৰ্তী পূৰ্ণাংগ অধিৱেশন ডিব্ৰুগড় জিলাৰ দুলীয়াজানত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। আনহতে পৰৱৰ্তী বিশেষ অধিৱেশন পাঞ্জাবাৰীত অনুষ্ঠিত কৰাৰ সিদ্ধন্ত কৰা হয়।

অধিক পঢ়ক

সকলো চাওক