ডাউনলোড
মোবাইল এপ

android apple
signal

February 4, 2025 7:20 PM | Asom Sahitya Sabha

printer

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ আজি সামৰণি

নাট্যনগৰী পাঠশালাত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ আজি সামৰণি পৰিব। আজি পুৱা অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলনেৰে অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে উদ্বোধন কৰা এই সন্মিলনত কেইবাটাও ছাত্ৰ সংগঠনৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে সাংবাদিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদক নৰেশ কলিতাই উদ্বোধন কৰা এই সন্মিলনত দৈনিক অসম কাকতৰ প্ৰাক্তন সহযোগী সম্পাদক বেদব্রত মিশ্ৰই প্রতিনিধি হিচাপে অংশ লয়। দিনৰ ভাগত অনুষ্ঠিত আকাশ শীর্ষক মহিলাসকলৰ প্ৰতিভা বিকাশৰ অনুষ্ঠানটি ধেমাজিৰ বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ বিনিতা চৌধুৰী গাডিয়াই উদ্বোধন কৰে। বিয়লি সভাৰ মূল মঞ্চত নাট্য সন্মিলন আৰু গ্ৰন্থমেলাৰ বাকৰিত আজীৱন সভ্য সন্মিলন অনুষ্ঠিত হয়। আজি অনুষ্ঠানতে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীক অসম সাহিত্য সভাই জীৱনযোৰা সাহিত্য প্ৰাণ সন্মান আৰু নৃপেন্দ্ৰ নাথ ভাগৱতীক সেৱা প্ৰাণ সন্মান প্ৰদান কৰাৰ কথা সাহিত্য সভাৰ বিদায়ী প্ৰধান সম্পাদক ড০ উপেন্দ্রজিৎ শৰ্মাই প্ৰকাশ কৰিছে। আজি সন্ধিয়াৰ ভাগত বর্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে অধিৱেশনৰ সামৰণি মৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক