ডাউনলোড
মোবাইল এপ

android apple
signal

January 29, 2025 8:32 PM | Asom Sahitya Sabha

printer

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ

বজালী জিলাৰ পাঠশালাত পৰহিলৈৰ পৰা হ’বলগীয়া অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। বজালীৰ ভট্টদেৱ ক্ষেত্ৰত পাঁচদিনীয়াকৈ হ’বলগীয়া এই অধিৱেশনৰ বাবে নাট্য নগৰী পাঠশালাৰ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰিছে। এই অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাত বৰ অসমৰ আৰ্হিৰ প্ৰতিফলন ঘটোৱাৰ প্ৰয়াস কৰা হ’ব। দুখন বাহনত প্রতীকি ৰূপত বজালীৰ ঐতিহাসিক ডুবি দেৱালয়, ভোগেশ্বৰী মন্দিৰ আৰু এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জালিখাটাৰ বটগছৰ লগতে অসমৰ ভিন্ন কলা-সংস্কৃতি আটকধুনীয়া ৰূপত তুলি ধৰা হ’ব। এই ব্যতিক্রমী সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে শিল্পীসকল অহৰহ ব্যস্ত হৈ আছে। সাহিত্য সভাৰ অধিৱেশন এইবেলি প্ৰথমবাৰলৈ বাটৰ কবিতাৰ আয়োজন কৰা হৈছে। একেদৰে এইবাৰৰ অধিৱেশনত বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলাৰ দিহা কৰা হৈছে। বজালীৰ উৎপাদিত সামগ্ৰী খাদ্য সম্ভাৰেৰে বজালী হাটৰো ব্যৱস্থা কৰা হৈছে। অধিৱেশনথলীত ৭৭ বৰ্গ ফুটৰ বৃহৎ জাপি সাজি উলিওৱা হৈছে। অধিৱেশনৰ লগত সংগতি ৰাখি আজি পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয় আৰু কেইবাগৰাকী ব্যৱসায়ীয়ে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক আর্থিক বৰঙণিৰ চেক প্ৰদান কৰে ।

অধিক পঢ়ক

সকলো চাওক