অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিৱেশনৰ আজি তৃতীয় দিন। পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত আজি সাহিত্য সভাৰ নতুন সভাপতি ড° বসন্ত কুমাৰ গোস্বামীক ময়ুৰপংক্ষী ৰথত লৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। পদ্মভূষণ স্বীকৃতি প্রাপ্ত নৃত্যাচাৰ্য যতীন গোস্বামীয়ে সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে। সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ মুকলি সভা অনুষ্ঠিত হয়। সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেবচৌধুৰীৰ প্ৰথমখন মুকলি সভা উদ্বোধন কৰে। ইয়াৰ পিছতে অসম সাহিত্য সভাৰ সভাপতি ড° সূর্যকান্ত হাজৰিকাই নতুন সভাপতি ড° বসন্ত কুমাৰ গোস্বামীক আদৰণি জনাই সভাপতিৰ দায়িত্ব অর্পন কৰে। ড° গোস্বামী সভাপতিত্ব কৰা প্ৰথমখন মুকলি সভাত আদৰণি সমিতিৰ সভাপতি হিচাপে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আদৰণি ভাষণ আগবঢ়ায়। এই সভাতে সন্মানীয় অতিথি হিচাপে নেপালৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ অধ্যাপক মাধৱ পোখে অংশগ্ৰহণ কৰাৰ লগতে সন্মানীয় অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়া, কনক সেন ডেকা, ৰংবং টেৰাং, ইমৰাণ শ্বাহ, ড° ধ্ৰুৱজ্যোতি বৰা আৰু প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্রহ্লাদ চন্দ্ৰ টাছা, ড° পৰমানন্দ ৰাজবংশী আৰু কুলধৰ শইকীয়াই অংশগ্ৰহণ কৰে। একেখন সভাতে আমন্ত্রিত অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য অংশগ্ৰহণ কৰে। আজি পুৱা ধ্ৰুপদী অসমীয়া ভাষা শীর্ষক এখন আলোচনা চক্ৰৰে আজিৰ কাৰ্যক্ৰমণিকাৰ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অৰ্পনা কোঁৱৰে উদ্বোধন কৰা আলোচনাসত্ৰখনত গুৱাহাটী বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ অধ্যাপক কনক চন্দ্ৰ চহৰীয়াই সঞ্চালনা কৰে। আলোচনাসত্ৰখনত গৱেষক, সাহিত্যিক, লিপি বিশেষজ্ঞ অশোক শৰ্মা, কটন বিশ্ববিদ্যালয়ৰ পূৰাতত্ব বিভাগৰ অধ্যাপক ড০ মঞ্জিল হাজৰিকা আৰু পশ্চিমবংগৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ভাৰপ্ৰাপ্ত প্রধান ড০ সংগীতা শইকীয়াই আলোচক হিচাপে অংশগ্ৰহণ কৰে। আজি তৃতীয় দিনাৰ কাৰ্যসূচীতো হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে বুলি আমাৰ আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়ে।
Site Admin | February 2, 2025 6:33 PM | Assam Sahitya Sabha
অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ তৃতীয় দিনত সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা, আলোচনা চক্ৰ অনুষ্ঠান
