অসম সাহিত্য সভাত এজন ব্যক্তিয়ে কোনো কাৰণতে এটাতকৈ অধিক পদ নাপাব বুলি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে ঘোষণা কৰিছে। সভাপতি হিচাপে প্ৰথমবাৰলৈ কালি যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত এখন সংবাদ মেল সম্বোধন কৰি ড০ গোস্বামীয়ে প্ৰকাশ কৰে যে সাহিত্য সভাৰ নতুন কার্যনির্বাহক সমিতিত এটা পৰিয়ালৰ কেৱল এজন ব্যক্তিক অন্তৰ্ভুক্ত কৰা হ’ব। পূৰ্বতে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ গুৰুত্বপূৰ্ণ পদ গ্রহণ কৰিও একো কাম নকৰা অথবা এখনো কার্যনির্বাহক সভাত উপস্থিত নথকা ব্যক্তিক কার্যনির্বাহকত অন্তৰ্ভুক্ত কৰা নহয় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। তদুপৰি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকে ধৰি অন্যান্য কেন্দ্ৰীয় কাৰ্যসূচী ৰূপায়ণ কৰি সংবিধানৰ আধাৰত অনুষ্ঠান হৈ যোৱাৰ নিৰ্ধাৰিত ২৫ দিন পাছতো হিচাপ দাখিল নকৰা ব্যক্তিকো এইবাৰ কোনো পদবীৰ বাবে মনোনীত কৰা নহয় বুলি তেওঁ উল্লেখ কৰে। সভাপতিগৰাকীয়ে লগতে কয় যে অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিত ৩৩ শতাংশ মহিলাৰ স্থান নিশ্চিত কৰাৰ উপৰি কুঁহি উপ-সমিতিৰ আহ্বায়ক মইনা পাৰিজাতৰ সৈতে জড়িত আৰু আকাশ উপ-সমিতিৰ আহ্বায়ক নাৰী সংগঠনৰ সৈতে জড়িত মহিলাক প্রাধান্য দি মনোনীত কৰা হ’ব। কাৰ্যনিৰ্বাহক সমিতিৰ নিৰ্বাচিত মনোনীত সদস্যসকলক গামোছা বা উপহাৰৰ পৰিৱৰ্তে একোখনকৈ কিতাপ দিয়া হ’ব বুলি ড০ গোস্বামীয়ে উল্লেখ কৰে। তেওঁ লগতে জানিবলৈ দিয়ে যে ২০২৫- ২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ অধিবেশন এদিনীয়াকৈ অনুষ্ঠিত হ’ব আৰু সভাত কাৰ্যনিৰ্বাহক সমিতিৰ জনগোষ্ঠীয়, জনজাতীয় কোনো সংগঠনৰ মুৰব্বী বা নেত্রী-সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক, সহকাৰী সম্পাদক, কাৰ্যনিৰ্বাহকৰ মূল সমিতিত অন্তৰ্ভুক্ত কৰা নহয়।
তদুপৰি ভাৰতীয় সংবিধানৰ ২১ অনুচ্ছেদ অনুযায়ী সকলো অধ্যাদেশ, বিধানসভাৰ দ্বাৰা ঘোষিত সকলো আইন, বিধানসভাত উত্থাপন কৰিবলগীয়া বিধেয়ক বা সংশোধনী আদি অসমীয়া ভাষাত প্ৰকাশ কৰা হ’ব বুলি চৰকাৰে কৰা ঘোষণা কাৰ্যকৰী কৰিবলৈ লোৱা সিদ্ধান্ত অসম সাহিত্য সভাই আদৰণি জনাইছে।