অসম সম্প্রতি অপাৰ সম্ভাৱনাৰ কেন্দ্ৰ আৰু দক্ষিণ পূৱ এছিয়া তথা ভাৰতৰ দুৱাৰমুখ হিচাপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীত কালি বিনিয়োগ আৰু আন্তগাথনি সন্মিলন দ্বিতীয় এডভান্টেজ আছাম মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। কূটনীতিবিদ, আগশাৰীৰ উদ্যোগপতি, বিদেশী প্ৰতিনিধিৰ সমাবেশত অসম পূৱ ভাৰতৰ নিৰ্মাণকেন্দ্ৰৰূপে পৰিগণিত হ’ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কৌশলগত স্থিতিৰ লাভ গ্ৰহণ কৰিবলৈ উদ্যোগপতিসকলৰ প্ৰতি আহ্বান জনায়। শ্রীমোদীয়ে কয়, যে তেওঁৰ চৰকাৰে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা আৰু আন্তঃগাথনিৰ উন্নয়নৰ লগতে স্থানীয় যোগান শৃংখলা শক্তিশালী কৰি তোলাৰ বাবে কাম কৰি আছে। ভাৰতে কম খৰছী নির্মাণ প্ৰক্ৰিয়া বিকশাই তোলাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে বুলিও প্রধানমন্ত্ৰীয়ে মন্তব্য কৰে । শ্রীমোদীয়ে কয় যে, যোৱা কেইটামান বছৰত অসমৰ আইন শৃংখলা পৰিস্থিতি উন্নত হৈছে আৰু ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কেইবাখনো শান্তি চুক্তি সম্পাদন কৰিছে। অসম চৰকাৰে ব্যৱসায়ৰ বাবে সূচল বাতাবৰণ গঢ়ি তুলিছে আৰু উদ্যোগসমূহৰ বাবে উৎকৃষ্ট নীতি যুগুতাই উলিয়াইছে বুলি উল্লেখ কৰি প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনে ২০৩০ চনৰ ভিতৰত প্ৰায় ১৫০ কোটি ডলাৰৰ অৰ্থব্যৱস্থাত পৰিণত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সন্মিলনত ভাগ লৈ তথ্য আৰু সম্প্ৰচাৰ তথা ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে অসম এতিয়া দেশৰ বিকাশৰ ইঞ্জিনত পৰিণত হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ দায়িত্বত থকা আন দুটা মন্ত্ৰালয়, ৰে’ল আৰু বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ অধীনত বিগত সময়ছোৱাত কোকৰাঝাৰৰ পৰা গেলেফুলৈ ৰে’লপথ নিৰ্মাণ, ৰে’লৱেৰ ভূমি বেদখলমুক্ত কৰি অলপতে ঘোষণা কৰা নাইলেট বিশ্ববিদ্যালয় নিৰ্মাণৰ আৰম্ভণি আৰু ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যৌথ উদ্যোগত কামৰূপ জিলাৰ আজাৰাৰ সমীপৰ বঙৰাত ইলেকট্রনিক সামগ্রী উৎপাদন কেন্দ্ৰ গঢ়ি তোলাৰ সিদ্ধান্তক সুদূৰপ্ৰসাৰী বুলি মন্তব্য কৰে। গুৱাহাটীৰ ৰে’ল ষ্টেচনক ১২ মহলা বা ততোধিক উচ্চতাৰ তথ্য প্রযুক্তি কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব। কোকৰাঝাৰ জিলাৰ বাঁছবাৰীত নতুন ৰে’লৰ দবা নিৰ্মাণ কাৰখানাৰ বাবে ৰাজ্য চৰকাৰে ভূমি আৱণ্টন কৰিছে আৰু শীঘ্ৰেই ইয়াৰ কাম আৰম্ভ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে লামডিঙত ৰে’ল ইঞ্জিন পুনৰ নিৰ্মাণ কাৰখানা স্থাপনৰ কথাও ঘোষণা কৰে ৷
Site Admin | February 26, 2025 11:40 AM | Advantage Assam 2.0 | PM Modi
অসম সম্প্রতি অপাৰ সম্ভাৱনাৰ কেন্দ্ৰ আৰু দক্ষিণ পূৱ এছিয়া তথা ভাৰতৰ দুৱাৰমুখ হিচাপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ
