June 16, 2024 8:07 PM | Assam CM

printer

অসম সচিবালয়ত সৌৰশক্তি প্রকল্প মুকলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসম সচিবালয়ত আজি সৌৰশক্তি প্রকল্প মুকলি কৰে। এই প্ৰকল্পৰ জৰিয়তে মাহে গড়ে তিনি লাখ ইউনিট বিদ্যুৎ উৎপাদন কৰি প্ৰচলিত শক্তিৰ উৎসৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লক্ষ্য লোৱা হৈছে। ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্রকল্প মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এই প্ৰকল্পৰ জৰিয়তে অসম সচিবালয়ৰ দেশৰ প্ৰথম সেউজ সচিবালয়ৰূপে পৰিণত হৈছে। এতিয়াৰে পৰা কেৱল সৌৰ শক্তিৰ দ্বাৰাহে অসম সচিবালয়ৰ কাম-কাজ চলিব বুলি তেওঁ প্ৰকাশ কৰে। লগতে তেওঁ কয় যে এই প্ৰকল্পৰ ফলত অসম সচিবালয়ে প্ৰতিমাহে বহন কৰিবলগীয়া ৩০ লাখ টকা বিদ্যুৎ মাচুল ৰাহি হব। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, শীঘ্ৰে ৰাজ্যৰ প্ৰধান চিকিৎসালয়, চৰকাৰী কাৰ্যালয়, আৰু বিশ্ববিদ্যালয়ত সৌৰ শক্তিৰ ব্যৱস্থা কৰা হব। ৰাজ্যবাসীক ঘৰত সৌৰশক্তি পেনেল বহাবলৈ তেওঁ আহ্বান জনায়। সৌৰশক্তি ব্যৱহাৰ কৰাৰ লোকক প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে চৰকাৰে ৰাজ সাহায্য প্ৰদান কৰিব বুলিও তেওঁ উল্লেখ কৰে । ইপিনে, পহিলা জুলাইৰ পৰা মন্ত্ৰী-বিধায়ক আৰু প্ৰথম শ্ৰেণীৰ বিষয়াসকলক ঘৰুৱা বিদ্যুৎ মাচুল নিজে নিজে পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে অহা বছৰৰ পহিলা জুলাইৰ পৰা ৰাজ্যৰ নিম্ন, মধ্যবিত্ত আৰু দুখীয়া লোকৰ বিদ্যুত্ৰ মাছুল এক টকাকৈ কমাবলৈ বিদ্যুৎ বিভাগক নির্দেশ দিয়ে। অনুষ্ঠানত শক্তিমন্ত্রী নন্দিতা গালোচাৰ লগতে শক্তি বিভাগৰ বিভিন্ন শীৰ্ষ বিষয়া উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক