অসম লোক পৰীক্ষা (নিযুক্তি প্রক্রিয়াত অসৎ উপায় প্রতিৰোধী ব্যৱস্থা) আইন ২০২৪ গ্রহণ ৰাজ্য চৰকাৰৰ

নিযুক্তি পৰীক্ষাত অসৎ উপায় প্রতিৰোধ তথা স্বচ্চ আৰু নিকা নিযুক্তি প্রক্রিয়া নিশ্চিতকৰণৰ অর্থে অসম চৰকাৰে অসম লোক পৰীক্ষা (নিযুক্তি প্রক্রিয়াত অসৎ উপায় প্রতিৰোধী ব্যৱস্থা) আইন ২০২৪ গ্রহণ কৰিছে। এই আইনৰ উদ্দেশ্য হৈছে নিয়োগৰ বাবে অনুষ্ঠিত ৰাজ্য চৰকাৰ, স্বায়ত্ত শাসিত সংস্থা অথবা কর্তৃপক্ষ, পৰিষদ অথবা নিগমৰ অধীনৰ পৰীক্ষাত স্বচ্ছতা নিশ্চিতকৰণ, পৰীক্ষাৰ পূর্বে প্রশ্নকাকত ফাদিল কৰা, নিজৰ লগত ৰখা, বিক্রী কৰা, সমাধান কৰা, প্রশ্নকাকত খোলা আৰু পৰীক্ষাৰ সময়ত সহায় কৰা আদিৰ দৰে অসৎ উপায় নিষিদ্ধকৰণ, পৰীক্ষা প্রক্রিয়া পৰিচালনা ক্ষেত্ৰত স্বচ্ছতা তথা নিৰপেক্ষতাৰ প্রতিশ্রুতিৰ লগতে প্রশ্নকাকত সম্পৰ্কীয় গোপন তথ্যৰ প্ৰচাৰ প্ৰতিৰোধ। এই আইন অমান্য কৰা পৰিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। পৰীক্ষাত নকল কার্যত লিপ্ত পৰিক্ষার্থীসকলক তিনি বছৰ পর্যন্ত কাৰাদণ্ড বিহাৰ লগতে ন্যূনতম ১ লাখ টকা জৰিমনা বিহা হ’ব। কুচক্ৰ আৰু নকল কার্যত লিপ্ত পৰিক্ষার্থীসকলক ১০ বছৰ পর্যন্ত কাৰাদণ্ড আৰু ১০ কোটি টকা পর্যন্ত জৰিমনা বিহা হ’ব। ইফালে, নকল কার্যত লিপ্ত বুলি প্রমাণিত হ’লে ভৱিষ্যতে পৰিক্ষার্থীয়ে দুবছৰৰ বাবে কোনো নিযুক্তি পৰীক্ষা দিব নোৱাৰাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, কুচক্ৰ আৰু নকল কার্যত জড়িত পৰীক্ষকক ১০ বছৰ পর্যন্ত কাৰাদণ্ড আৰু ১০ কোটি টকা পর্যন্ত জৰিমনা বিহাৰ লগতে পৰীক্ষণ কৰ্তৃপক্ষৰ সৈতে কুচক্রত জড়িত থকাসকলব অসৎ পন্থাৰে আর্জিত সা-সম্পত্তি বাজেয়াপ্তকৰণ কৰা হ’ব। ঠিক সেইদৰে পৰীক্ষাৰ ব্যৱস্থাপক যদি দোষী সাব্যস্ত হয় তেতিয়া হ’লে বিশেষ আদালতে নির্ধাৰণ কৰি দিয়া অনুসৰি পৰীক্ষা বিষয়ক সকলো খৰচ সংশ্লিষ্ট সন্থাটোৱে বহন কৰাৰ লগতে ইয়াক নিষিদ্ধ ঘোষণা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক