ডাউনলোড
মোবাইল এপ

android apple
signal

December 5, 2024 8:05 PM | Akashvani

printer

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগীতামূলক পৰীক্ষা-২০২৩ৰ ফলাফল ঘোষণা

অসম লোকসেৱা আয়োগে আজি সংযুক্ত প্রতিযোগীতামূলক পৰীক্ষা-২০২৩ৰ ফলাফল ঘোষণা কৰে। আয়োগে অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু সংলগ্ন সেৱাৰ মুঠ ২৩৫ গৰাকী প্ৰাৰ্থী নিযুক্তিত অনুমোদন দিছে। চিৰঞ্জীৱ ফুকনে ৮৭২ নম্বৰেৰে প্ৰথম স্থান লাভ কৰে। এনিশা বুঢ়াগোহাঁইয়ে ৮২৩ নম্বৰ লাভ কৰি মহিলা প্ৰাৰ্থীৰ ভিতৰত প্ৰথম স্থান দখল কৰে। হিমান্দ্ৰি জিতা বৰাই তৃতীয় স্থান আৰু মৃগাক্ষী বৰুৱাই চতুর্থ স্থান লাভ কৰে। পঞ্চম স্থান দখল কৰে টুটুমণি কাকতিয়ে। প্ৰথম দহৰ ভিতৰত থকা আন স্থানপ্ৰাপক সকলৰ ভিতৰত আছে মৃদুস্মিতা ৰয়, মেৰী কলিতা, দীক্ষা সৰকাৰ, নিলম গাৰ্গ আৰু অংকিতা ছেত্রী। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে এই পৰীক্ষাত মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে পদ সংৰক্ষণ কৰা হৈছে। মুঠ ২৩৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত অসামৰিক সেৱাৰ ৪৫ জন, অসম আৰক্ষী সেৱাৰ ৩৫ জন, অসম লেখ সেৱাৰ ১০৭ জন, হিচাপ পৰিক্ষণৰ ১১ জন, কৰ অধীক্ষকৰ এজন, আবকাৰী অধীক্ষকৰ এজন, অসম বিত্ত সেৱাৰ ১৩ জন, খণ্ড উন্নয়ন বিষয়াৰ ৬ জন, সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ ৪ জন, কৰ পৰিদৰ্শকৰ ৪ জন, শ্ৰম পৰিদৰ্শকৰ ৪, সহকাৰী নিয়োগ বিষয়াৰ এজন আৰু উপ-পঞ্জীয়কৰ ৩ জন প্রার্থীক নিযুক্তিৰ বাবে আয়োগে আজি অনুমোদন দিছে।নিযুক্তিৰ বাবে আয়োগে অনুমোদন দিয়া ২৩৫ গৰাকীৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ৩৭, নগাঁও জিলাৰ ১৯, কামৰূপ জিলাৰ ১৮, ডিব্ৰুগড় জিলাৰ ১৩ আৰু লখিমপুৰ জিলাৰ ১২ গৰাকী প্ৰাৰ্থী আছে। বৰপেটা, তিনিচুকীয়া আৰু যোৰহাট জিলাৰ ১১ গৰাকীকৈ আৰু বিশ্বনাথ, শিৱসাগৰ আৰু শোণিতপুৰ জিলাৰ ৮ গৰাকীকৈ প্ৰাৰ্থী আছে। ৭ গৰাকীকৈ প্ৰাৰ্থী ধেমাজি, ডিমা হাচাও, গোলাঘাট, নলবাৰী আৰু ওদালগুৰি জিলাৰ। চৰাইদেউ আৰু কাছাৰ জিলাৰ ৬ গৰাকীকৈ আৰু দৰং আৰু বাক্সা জিলাৰ ৫ গৰাকীকৈ প্ৰাৰ্থীৰ নিযুক্তিত আয়োগে অনুমোদন দিছে। ৩ গৰাকীকৈ প্ৰাৰ্থী কোকৰাঝাৰ, গোৱালপাৰা, হোজাই আৰু পশ্চিম কাৰ্বি আংলঙৰ। বঙাইগাঁও, চিৰাং, কাৰ্বি আংলং আৰু মৰিগাঁও জিলাৰ দুগৰাকীকৈ আৰু বজালী আৰু শ্ৰীভূমি জিলাৰ এগৰাকীকৈ প্ৰাৰ্থীৰ নিযুক্তিত আয়োগে অনুমোদন দিছে।

অধিক পঢ়ক

সকলো চাওক