ডাউনলোড
মোবাইল এপ

android apple
signal

November 6, 2024 7:28 PM | Home Secretary

printer

অসম-মেঘালয়ৰ সীমা বিবাদ সন্দৰ্ভত কেন্দ্রীয় গৃহ সচিবৰ উচ্চস্তৰীয় বৈঠক

কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে অসম আৰু মেঘালয়ৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ সমাধান সূত্ৰ বিচাৰি আজি গুৱাহাটীত এখন উচ্চস্তৰীয় বৈঠকত অংশ লয়। বৈঠকত দুয়োখন ৰাজ্যৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে গৃহ সচিবগৰাকীয়ে কালি অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। কইনাধৰাত অনুষ্ঠিত বৈঠকখনত শ্ৰী মোহনে মুখ্য সচিব ৰবি কোটা আৰু অন্য শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত আলফা, আদিবাসী, কাৰ্বি আৰু ডিমা নেচনেল লিবাৰেচন আৰ্মীৰ সৈতে জড়িত চুক্তিৰ পৰ্যালোচনা চলায়। গৃহ সচিবগৰাকীয়ে লগতে আত্মসমৰ্পণ কৰা বিভিন্ন গোটৰ উগ্ৰপন্থীসকলৰ পুনৰসংস্থাপনৰ সৈতে জড়িত বিভিন্ন বিষয়ৰো পৰ্যালোচনা কৰে। আলফাৰ শান্তি চুক্তিক লৈ সংগঠনটোৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু সম্পাদক অনুপ চেতিয়াই গৃহ সচিবৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে সংবাদ মাধ্যমেৰে হোৱা কথা-বতৰাত অনুপ চেতিয়াই কয় যে শান্তি চুক্তিৰ বিষয়সমূহ কাৰ্যকৰী কৰাৰ সন্দৰ্ভতেই আলোচনা কৰা হৈছিল। দিনজোৰা এই বৈঠকৰ পাছত কেন্দ্ৰীয় গৃহ সচিব গৰাকীয়ে আত্মসমৰ্পণকাৰী উগ্ৰপন্থী সংগঠনৰ সদস্যসকলৰ পুনৰ সংস্থাপনৰ বিষয়টোও চৰকাৰৰ সৈতে আলোচনা কৰে। গৃহ সচিবগৰাকীয়ে অসম অৰুণাচলৰ সীমা বিবাদ মীমাংসা সন্দৰ্ভত আন এখন গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হয়। এই বৈঠকত দুয়োখন ৰাজ্যৰ পাৰস্পৰিক সীমা সম্পৰ্কে বিষয়সমূহ আলোচনা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক