ডাউনলোড
মোবাইল এপ

android apple
signal

August 18, 2024 11:10 AM | SEBA

printer

অসম মাধ্যমিক শিক্ষা পৰিষদে বিদ্যালয়সমূহত বায়’মেট্রিক আপডেটৰ বাবে আধাৰ শিবিৰ মুকলি

NEET, JEE, CUET –কে ধৰি বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ সময়ত আধাৰ নম্বৰৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি অসম মাধ্যমিক শিক্ষা পৰিষদে বিদ্যালয়সমূহত বায়’মেট্রিক আপডেটৰ বাবে আধাৰ শিবিৰ মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে বিদ্যালয়সমূহৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষকসকললৈ জাৰি কৰা নিৰ্দেশ অনুসৰি বিদ্যালয়সমূহক ৫ বছৰৰ পৰা ৭ বছৰ আৰু ১৫ বছৰৰ পৰা ১৭ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা, আধাৰ শিবিৰ স্থাপনৰ বাবে উপযুক্ত সময়সহ অন্যান্য যাৱতীয় তথ্য ১০ ছেপ্তেম্বৰৰ ভিতৰত দাখিল কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে প্ৰ-পত্ৰ পূৰণৰ ক্ষেত্ৰত অনুভৱ কৰা জটিলতা দূৰ কৰিবৰ বাবে দেশজুৰি বিদ্যালয়সমূহত আধাৰশিবিৰ স্থাপন কৰি বায়’মেট্ৰিক আপডেট কৰাৰ লগতে ম’বাইল নম্বৰ সংযোগৰ ব্যৱস্থাৰ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক