অসম মাধ্যমিক শিক্ষা পৰিষদে আজি কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। ঘোষণা কৰা ফলাফল অনুসৰি অৱতীৰ্ণ হোৱা মুঠ ৫০,৬১৮ গৰাকী পৰিক্ষাৰ্থীৰ ভিতৰত ২১,৫৪২ গৰাকী পৰিক্ষাৰ্থী কম্পার্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ হৈছে। ১৫১গৰাকী পৰিক্ষাৰ্থী প্ৰথম বিভাগত, ৮,৮১২গৰাকী দ্বিতীয় বিভাগ আৰু ১২,৫৪২গৰাকী পৰিক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। কম্পার্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে ৪২.৫৬। মেট্ৰিকৰ কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্রথম বর্ষত নামভৰ্তিৰ বাবে দৰ্পণ পোৰ্টেল মুকলি কৰি দিছে। এই সন্দৰ্ভত শিক্ষা সংসদৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি কাইলৈৰ পৰা ২৮ জুনলৈ অনলাইন মাধ্যমযোগে দর্পণ পোৰ্টেলত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব। সবিশেষ তথ্য আৰু আবেদনৰ বাবে শিক্ষা সংসদৰ ৱেবছাইট www.ahsec.assam.gov.in অথবা https://darpan.ahseconline.in চাবলৈ ছাত্ৰ- ছাত্ৰীসকলক আহ্বান জনোৱা হৈছে। আনহাতে, শিক্ষানুষ্ঠানসমূহক ৩ জুলাইৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশটোত উল্লেখ কৰা হৈছে।
Site Admin | June 21, 2024 7:45 PM | Compartmental Exam result