ডাউনলোড
মোবাইল এপ

android apple
signal

April 20, 2024 6:43 PM | HSSLC exam

printer

অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। এইবাৰৰ পৰীক্ষাত মুঠ ৪ লাখ ১৯ হাজাৰ ৭৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে তিনি লাখ ১৭ হাজাৰ ৩১৭ গৰাকী পৰীক্ষাৰ্থী উত্তীর্ণ হয়। পৰীক্ষাৰ্থীসকলৰ এক লাখ ৫ হাজাৰ ৮৭৩ গৰাকীয়ে প্ৰথম বিভাগ, এক লাখ ৫০ হাজাৰ ৭৬৪ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৬০ হাজাৰ ৬৮০ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে । সামগ্ৰিকভাৱে ৭৫. ৭ শতাংশ পৰীক্ষার্থী উত্তীর্ণ হয়। ফলাফল অনুসৰি অনুৰাগ দলৈয়ে ৫৯৩ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে সৰ্বাধিক লাভ কৰিবলৈ সমৰ্থ হয়। একেদৰে বিশ্বনাথ চাৰিআলিৰ ঝর্ণা শ‍ইকীয়াই ৫৯০ নম্বৰেৰে নম্বৰ তালিকাত দ্বিতীয় সর্বোচ্চ নম্বৰ লাভ কৰে। মাজুলীৰ মানসপ্রতিম শ‍ইকীয়া, বৰপেটাৰ বেদান্ত চৌধুৰী আৰু নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দেৱাশ্ৰী কাশ্যপে ৫৮৮ নম্ববেৰে নম্বৰ তালিকাত তৃতীয় সর্বোচ্চ নম্বৰ প্ৰাপ্তিৰ গৌৰৱ অৰ্জন কৰিছে। জিলাসমূহৰ ভিতৰত চিৰাং জিলাত উত্তীৰ্ণৰ হাৰ সৰ্বোচ্চ হোৱাৰ বিপৰীতে নলবাৰী দ্বিতীয় আৰু বাক্সা তৃতীয় স্থানত আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে তামুলপুৰত এখন সংবাদমেলত সম্বোধন কৰি বিটিচিৰ অন্তৰ্গত চিৰাং আৰু বাক্সা জিলাৰ ফলাফলক লৈ সন্তুষ্টি প্রকাশ কৰে। শ্ৰীবড়োৱে লগতে শিক্ষাৰ ক্ষেত্ৰত ভৱিষ্যতে আৰু অধিক কৰণীয় আছে বুলি মত প্রকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক