ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সমাজ আৰু দেশৰ হিতৰ বাবে মেধা শক্তিৰ প্ৰয়োগ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনাইছে। যোৰহাটৰ ৰৰৈয়াত অনুষ্ঠিত অসম মহিলা বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত চতুৰ্থ সমাৱৰ্তনত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে এইদৰে আহ্বান জনায়। ৰাজ্যপাল আচাৰ্যই প্রাচীন ভাৰতৰ গাৰ্গী, লোপামুদ্ৰাৰ পৰা আৰম্ভ কৰি ৰাণী লক্ষ্মীবাঈ, সাৱিত্ৰী বাঈ ফুলে পর্যন্ত বিভিন্ন ক্ষেত্ৰৰ বিদূষী মহিলাৰ উদাহৰণ দি কয় যে বর্তমান সময়ত মহিলাসকলে কৃত্রিম বুদ্ধিমত্তা, ডাটা বিজ্ঞান, সেউজ প্রযুক্তি আদি দিশো আয়ত্ত কৰি নিজকে সফল কৰি তুলিছে। সৰ্বভাৰতীয় উচ্চ শিক্ষা সমীক্ষাৰ তথ্য অনুসৰি বর্তমান উচ্চশিক্ষিত মহিলাই ৫৫ শতাংশতকৈ অধিক স্থান অধিকাৰ কৰিছে আৰু গৱেষক ছাত্ৰীৰ সংখ্যাই অভিলেখ স্পর্শ কৰিছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যপালগৰাকীয়ে ডিগ্রীক প্রমাণ পত্ৰ হিচাপে গ্ৰহণ নকৰি সমাজ সেৱাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। সমাৱৰ্তন সমাৰোহত ৩৩৩ গৰাকী ছাত্ৰীক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত উদ্যোগী মহিলা অনিতা চেতিয়াক ডি লিট প্রদান কৰা হয়।
Site Admin | April 11, 2025 11:24 AM | Assam Governor
অসম মহিলা বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অংশগ্ৰহণ
