ডাউনলোড
মোবাইল এপ

android apple
signal

November 20, 2024 12:38 PM | assam cabinet

printer

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দিছপুৰত কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যিক জি এছ টি আইন সংশোধনী, কৰিমগঞ্জ জিলাক শ্রীভূমি জিলা হিচাপে নতুনকৈ নামকৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা ঘোষণা কৰে। তেওঁ কয়, যে মন্ত্ৰীসভাই ৰাজহ বৃদ্ধি, কদাতাসকলক সুবিধা প্ৰদান আৰু ব্যৱসায়ৰ ক্ষেত্ৰত সুচলতাৰ বাবে অসম সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ‍ জি এছ টি সংশোধনী অধ্যাদেশ, ২০২৪-ত অনুমোদন জনাইছে। এই অধ্যাদেশে জি এছ টি আইন, ২০১৭-ত অন্তৰ্ভুক্ত পৰিৱৰ্তনৰ সৈতে সমতা ৰাখিবলৈ আইনখনত প্ৰয়োজনীয় পৰিৱৰ্তনৰ অন্তৰ্ভুক্তি আৰু সংশোধনৰ বাবে অনুমোদন জনাব। তদুপৰি বৰ্তমানৰ কৰিমগঞ্জ জিলাৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক ন্যায়সংগত ৰূপত প্ৰকাশ কৰাৰ বাবে মন্ত্রীসভাই জিলাখনক শ্রীভূমি হিচাপে নামকৰণ কৰিবলৈ অনুমোদন জনায়। –বাইট চি এম- কৰিমগঞ্জ জিলাৰ নাম শ্রীভূমি হোৱাৰ পাছত জিলাখনৰ বিভিন্ন স্থানত জনসাধাৰণৰ মাজত উৎসাহ পৰিলক্ষিত হয়। জিলা যুৱ মৰ্চাই মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰক এই সিদ্ধান্তৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকে ৰাজ্যত অহা বছৰৰ ফেব্ৰুৱাৰীত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰো সিদ্ধান্ত লৈছে। বৰ্তমান ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্ৰস্তুতিৰ কাম চলি আছে আৰু ৩০ ডিচেম্বৰৰ ভিতৰত ভোটাৰ তালিকা প্রকাশ পালে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। নির্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। সমগ্র নির্বাচনী প্রক্রিয়া ১০ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যখনলৈ দেশ-বিদেশৰ পৰা অধিক পুঁজি বিনিয়োগক আকৰ্ষিত কৰা আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে অহা ২৪ ফেব্ৰুৱাৰীত অসম বিনিয়োগ আৰু আন্তঃগাঁথনি মেলাৰ আয়োজন কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই বিনিয়োগ মেলালৈ আমন্ত্রণ জনোৱা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক প্রকল্পত স্থান সম্পৰ্কীয় তথ্য কার্যকৰীভাৱে ব্যৱহাৰ কৰিবলৈ মন্ত্রীসভাই ৰাজ্যখনত ৰিম’ট চেনচিং, জি আই এছ, জি পি এছ, ড্রোণ আদি জৰীপ সম্পৰ্কীয় কাম আৰু সেৱাৰ বাবে অসম ৰাজ্যিক মহাকাশ প্রয়োগ কেন্দ্ৰক ৰাজ্যিক সমন্বয় সংস্থা হিচাপে মনোনীত কৰিবলৈও অনুমোদন জনাইছে। এই বৈঠকত বনাঞ্চল বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনাক কাৰ্য ৰূপায়িত কৰিবলৈ অসম কৃষি বনানিকৰণ নীতি-২০২৪ত অনুমোদন জনোৱা হয়। একেদৰে গ্ৰাম্য উন্নয়ন ত্বৰান্বিত কৰিবলৈ মন্ত্ৰীসভাই ভূমি সংৰক্ষণ আৰু কৃষি খণ্ডত ৯৪ টা প্ৰকল্প ৰূপায়ণত অনুমোদন জনাইছে।

অধিক পঢ়ক

সকলো চাওক