July 10, 2024 7:27 PM | assam cabinet

printer

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

অসম মন্ত্ৰীসভাৰ বৈঠকে আজি ২০১৬–১৭ চনত ৰাজ্য চৰকাৰে আৰম্ভ কৰা আপোন ঘৰ আঁচনিৰ অধীনত প্ৰদান কৰা ঋণৰ পৰিমাণৰ ৩০ লাখ টকালৈ বৃদ্ধি কৰিছে। এই আঁচনিৰ অধীনত ৩৭ হাজাৰ ২৭৭ গৰাকী কৰ্মচাৰীয়ে ঋণ লৈছে। দিছপুৰত আজি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, আপোন ঘৰ আঁচনিৰ অধীনত পূৰ্বে ১৫ লাখ টকাকৈ এই কৰ্মচাৰীসকলে মুঠ ৫ হাজাৰ ৬৬৩ কোটি টকা ঋণ লৈছিল। এতিয়াৰ পৰা কৰ্মচাৰীসকলে ৩০ লাখ টকা পৰ্যন্ত ঋণ ল’ব পাৰিব আৰু ইয়াৰ এক শতাংশকৈ সুদ ৰাজ্য চৰকাৰে আদায় দিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে মহিলা কৰ্মচাৰীয়ে এবছৰতকৈ কম বয়সৰ সন্তান তুলি ল’লে ১৮০ দিনৰ প্ৰতিপালনৰ ছুটী লাভ কৰিব। তদুপৰি অসম ৰাজ্যিক কৃষি বিপণন ব’ৰ্ডৰ ৬১২ গৰাকী কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তাৱ দিছে বুলি কেবিনেটত লোৱা সিদ্ধান্তৰ কথা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই কৰ্মচাৰীসকলৰ স্বেচ্ছামূলক অৱসৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইয়াৰ বাবে ১৫৫ কোটি টকা ব্যয় কৰা হ’ব। স্বেচ্ছামূলক অৱসৰৰ বাবে পাবলগীয়া ধনৰ অতিৰিক্ত ১০ শতাংশ চৰকাৰে প্ৰদান কৰাৰ বাবেও কেবিনেটত সিদ্ধান্ত লোৱা হয়। আনহাতে কৃষি বিপণন ব’ৰ্ডৰ ১৩১ গৰাকী চুক্তিভিত্তিক কৰ্মচাৰীকো স্বেচ্ছামূলক অৱসৰৰ বাবে নিৰ্দিষ্ট হাৰত ধন প্ৰদান কৰা হ’ব। একেদৰে ফিক্সড পে’ অর্থাৎ নিৰ্দিষ্ট হাৰত দৰমহা লাভ কৰা কৰ্মচাৰীসকলেও স্বেচ্ছামূলক অৱসৰৰ ধন লাভ কৰিব। ইপিনে অসম ৰাজ্যিক কৃষি বিপণন ব’ৰ্ড বন্ধ কৰাৰ কোনো লোৱা সিদ্ধান্ত লোৱা হোৱা নাই বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে ।

অধিক পঢ়ক

সকলো চাওক