ডাউনলোড
মোবাইল এপ

android apple
signal

February 14, 2025 7:49 PM | BTR | Promod Boro

printer

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী প্রস্তুতি সন্দৰ্ভত বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৰ বৈঠক

কোকৰাঝাৰৰ বি টি আৰ বিধান পৰিষদীয় ভৱনত হ’বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী প্রস্তুতি সন্দৰ্ভত বুজ ল’বলৈ বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৱে আজি সংশ্লিষ্ট সকলো বিভাগৰ কাৰ্যবাহী সদস্য, সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত বাজেট অধিৱেশন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী বড়োয়ে কয়, যে বি টি আৰলৈ ইতিবাচক পৰিৱৰ্তন আৰু প্ৰগতি অনাৰ ক্ষেত্ৰত এই বাজেট অধিৱেশন অতি গুৰুত্বপূৰ্ণ সুযোগ হিচাপে বিবেচিত হ’ব। অহা ১৭ ফেব্ৰুৱাৰীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হ’ব। উল্লেখযোগ্য যে, এই অধিৱেশনত ৰাজ্যৰ ষষ্ঠ অনুসূচীৰ এলেকাক অধিক উন্নত কৰাৰ বিষয়ত আলোচনা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক