ডাউনলোড
মোবাইল এপ

android apple
signal

অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত ৩৫খন জিলাৰ নৱনিৰ্বাচিত জিলা সভাপতিসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই আজি গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত ৩৫খন জিলাৰ নৱনিৰ্বাচিত জিলা সভাপতিসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাষ্ট্ৰীয় নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ল’বলগীয়া কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হয়। ৰাজ্যিক সভাপতি শ্ৰীশ‍ইকীয়াই এই সন্দৰ্ভত জিলা সভাপতিসকলক অৱগত কৰাৰ লগতে যাৱতীয় নীতি-নিৰ্দেশনা প্ৰদান কৰে। বৈঠকৰ পাছত শ্ৰীশ‍ইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে ২০২৫ চনটোত বিজেপি দলে জয়েৰে যাত্ৰা আৰম্ভ কৰিছে। এই ধাৰা অব্যাহত থাকিব বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে লগতে কয যে অনাগত দিনত পঞ্চায়ত নির্বাচন, স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন আৰু বি টি আৰৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ পাছতে বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব। সেয়ে নির্বাচনসমূহত পূৰ্বতকৈ ভাল ফলাফল লাভ কৰাৰ বাবে আজিৰ এই বৈঠকত আলোচনা কৰা হয় বুলি তেওঁ প্ৰকাশ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰি কয় যে মণ্ডল সমিতি, জিলা সমিতি, মৰ্চা আৰু কোষসমূহত পূর্বে দায়িত্বত নথকা ৫০ শতাংশ লোকক এইবাৰ দায়িত্ব দিয়া হ’ব।

অধিক পঢ়ক

সকলো চাওক