অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অন্তিম পৰ্যায় সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে বৈঠক

ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই ২৭ অক্টোবৰত চতুৰ্থ বৰ্গৰ বাবে হ’বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অন্তিম পৰ্যায় সন্দৰ্ভত আজি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে আলোচনাত মিলিত হয়। ২৭ অক্টোবৰত পুৱা ৯.৩০ বজাৰ পৰা ১১.৩০ বজালৈ ১,৮৪টা আৰু দিনৰ ডেৰ বজাৰ পৰা বিয়লি ৪ বজালৈ ৮০৮টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ’ব। এই পৰীক্ষাত মুঠ ৮ লাখ ২৭ হাজাৰ ১৩০ গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ’ব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মর্মে নিকা আৰু স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্য সচিবগৰাকীয়ে প্ৰকাশ কৰে। পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে নিৰ্দেশনাৱলী জাৰি কৰা হৈছে আৰু পৰীক্ষাৰ লগত জড়িত ব্যক্তিসকলে এই নির্দেশ মানি চলাটো বাধ্যতামূলক। পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া, তত্বাৱধায়ক আৰু নিৰীক্ষণকাৰীসকলক পুনৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে নিজ নিজ অঞ্চলত সমন্বয় স্থাপনেৰে স্পৰ্শকাতৰ কেন্দ্ৰসমূহৰ তদাৰক কৰিব লাগিব। পৰিবহন বিভাগে প্ৰাৰ্থী আৰু সাধাৰণ জনতাৰ চলাচলত যাতে ব্যাঘাতৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰখা বাঞ্চনীয়। আৰক্ষীয়ে সামাজিক মাধ্যমৰ কামকাজসমূহ নিৰীক্ষণ কৰিব লাগিব আৰু অনাকাংক্ষিত ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শকক অৱগত কৰিব লাগিব। মহিলা প্ৰাৰ্থীৰ ক্ষেত্ৰত নিৰীক্ষণ মৰ্যাদাপূৰ্ণ হ’ব লাগিব। যদি কোনো মহিলা প্ৰাৰ্থীয়ে নিৰীক্ষণৰ সময়ত অনাকাংক্ষিত আচৰণৰ সন্মুখীন হয় তেন্তে মহিলা প্রার্থীগৰাকীয়ে কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰিব পাৰিব। পূৰ্বৰ দৰে প্রার্থীসকলে লেবেল নথকা স্বচ্ছ পানীৰ বটল পৰীক্ষা কেন্দ্ৰলৈ আনিব পাৰিব। যদি কোনোৱে নির্দেশনাসমূহ উলংঘা কৰে তেন্তে তিনি বছৰ পৰ্যান্ত কাৰাদণ্ড বিহা হ’ব।

অধিক পঢ়ক

সকলো চাওক