September 25, 2024 7:20 PM | ADRE Exam

printer

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকললৈ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ নীতি-নিৰ্দেশনা জাৰি

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে অহা ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত কৰিবলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকললৈ কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত আয়োগে জাৰি কৰা জাননী অনুসৰি পৰীক্ষাকেন্দ্ৰত প্ৰৱেশৰ সময়ত আৰক্ষী বা কৰ্তৃত্বশীল ব্যক্তিৰ দ্বাৰা প্ৰাৰ্থীসকলক মেটেল ডিটেক্টৰৰ লগতে হাতেৰে তালাচী চলোৱা হ’ব। এই ক্ষেত্ৰত কোনো প্রার্থীক যদি সঠিকভাৱে তালাচী চলোৱা নহয়, তেন্তে সংশ্লিষ্ট প্রার্থীগৰাকীয়ে তাৎক্ষণিকভাৱে কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰাব পাৰিব। এডমিটকাৰ্ড, বৈধ পৰিচয়পত্র অবিহনে কোনো প্রার্থীকে পৰীক্ষাকেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি জাননীখনত পুনৰ কোৱা হৈছে পৰীক্ষা অন্ত পৰাৰ পিছত প্ৰাৰ্থীসকলে প্ৰশ্নকাকতখন নিজৰ লগত আনিব পাৰিব। লগতে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰদান কৰা OMR ছীটখনত থকা ৰোল নম্বৰ উত্তৰ কৰাৰ পূৰ্বে সঠিকভাৱে পৰীক্ষা কৰিবলৈ প্ৰাৰ্থীসকলক কোৱা হৈছে। উল্লেখযোগ্য যে অহা ২৯ ছেপ্তেম্বৰৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয়বর্গৰ আৰু দুপৰীয়া ডেৰ বজাৰ পৰা বিয়লি চাৰে চাৰি বজালৈ মেট্ৰিক পৰ্যায়ৰ চালক পদৰ পৰীক্ষা অনুষ্ঠিত হব। তথ্য অনুসৰি তৃতীয় বৰ্গৰ চাৰি হাজাৰ ৫৫টা পদৰ বাবে পাঁচ লাখ ২৯ হাজাৰ ৯৮৯ গৰাকী আৰু চালকৰ ৪১৮ টা পদৰ বাবে দুই লাখ চাৰি হাজাৰ ৯৯১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক