বাক্সা জিলাৰ জালাহৰ তালচিকুৰ সম্বন্বয় ক্ষেত্ৰত যোৱা ১৭ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত অসম প্রাদেশিক যোগী সন্মিলনীৰ জালাহ অধিবেশনৰ আজি সামৰণি পৰে। এই উপলক্ষে দিনৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে নিজৰ নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে। সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত বি টি আৰ প্ৰধান প্রমোদ বড়ো, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্লবৰুৱা, উৰ্খাও গৌড়া ব্ৰহ্মকে ধৰি বি টি আৰৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য, পাৰিষদৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।
Site Admin | January 19, 2025 7:25 PM | Baksa
অসম প্রাদেশিক যোগী সন্মিলনীৰ জালাহ অধিবেশনৰ সামৰণি
