ডাউনলোড
মোবাইল এপ

android apple
signal

December 25, 2024 12:25 PM | Weather

printer

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত জাৰৰ প্ৰকোপ বৃদ্ধি

বৰদিনৰ বতৰত জাৰৰ প্ৰকোপ বাঢ়ে বুলি চলি অহা কথাষাৰ এইবাৰো সঁচা প্ৰমাণিত হৈছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পুহ মাহৰ আজি ৯ তাৰিখে নিশাৰ তাপমাত্রা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। উজনি অসমৰ কেতবোৰ ঠাইত পুহৰ হাড় কঁপোৱা জাৰৰ আগমন ঘটিছে। উত্তৰ লখিমপুৰত কালি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সর্বনিম্ন তাপমাত্রা ৫.১ ডিগ্রী ছেলছিয়াছ ৰেকৰ্ড কৰা হয়। এই তাপমাত্ৰা সাধাৰণতে হোৱা সৰ্বনিম্ন তাপমাত্ৰাতকৈ ৪.৫ ডিগ্রী ছেলছিয়াছ কম বুলি বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে। খ্ৰীষ্টমাছৰ আনন্দ উল্লাসত নাগালেণ্ডৰ বিভোৰ ৰাজধানী কোহিমাৰ জনসাধাৰণে কালিৰ দিনটোত সর্বনিম্ন তাপমাত্রা ৫.২ ডিগ্রী সহ্য কৰিবলগীয়া হয়। শ্বিলঙৰ সর্বনিম্ন তাপমাত্ৰা অৱশ্যে কালি ৭ .৫ ডিগ্রী ছেলছিয়াছ ৰেকৰ্ড কৰা হৈছে। যোৰহাট নগৰত কালি সর্বনিম্ন তাপমাত্রা ৮.৭ ডিগ্ৰী আৰু ডিব্ৰুগড়ৰ সর্বনিম্ন তাপমাত্রা ৯.৪ ডিগ্ৰী ৰেকৰ্ড কৰা হয়। কালি গুৱাহাটী মহানগৰীৰ সৰ্বোচ্চ তাপমাত্রা ২৬.২ ডিগ্রী আৰু সৰ্বনিম্ন ১১.২ ডিগ্রী ছেলছিয়াছ ৰেকৰ্ড কৰা হয়। আজি গুৱাহাটীৰ তাপমাত্রা সর্বনিম্ন ১১ ডিগ্রী চেলছিয়াছৰ আশে পাশে থকাৰ সম্ভাৱনা আছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বতৰ ফৰকাল থাকিব আৰু পুৱাৰ ভাগত ডাঠ কুঁৱলীৰ আচ্ছাদন থাকিব বুলি আগজাননী দিছে। গতিকে আজি সকলোৱে বৰদিন আৰু সুশাসন দিৱসৰ কাৰ্যসূচীত ভালকৈ অংশগ্ৰহণ কৰিব পাৰিব ।

অধিক পঢ়ক

সকলো চাওক