ভাৰতে সৌৰ সহযোগিতাৰ পাছতে জৈৱ ইন্ধনৰ সহযোগিতাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বক সজাগ কৰাৰ প্ৰয়াস কৰিব। অসম তথা উত্তৰ পূৰ্বাঞ্চলতো জৈৱ ইন্ধনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে আৰু ইয়াৰ দ্বাৰা নতুন প্ৰজন্মই স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হ’ব পাৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত প্রদূষণ নিয়ন্ত্রণ বৰ্ডৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰ আৰু নুমলীগড় তেল শোধনাগাৰৰ কৰ্প’ৰেট পৰিক্ৰমা বিভাগৰ উপদেষ্টা নিকুঞ্জ বৰঠাকুৰে এই বিষয়ে প্রকাশ কৰিছে। তেওঁলোকে কয় যে, জৈৱ ইন্ধনৰ ব্যৱহাৰৰ দ্বাৰা পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰাৰ লগতে অর্থনীতি টনকীয়াল হোৱাৰ সম্ভাৱনা থাকে। এই ইন্ধনৰ ব্যৱহাৰে গ্রীন হাউছ গেছৰ নির্গমন বোধ কৰাৰ উপৰি কাৰ্বন প্রাবল্য হ্ৰাস কৰি পৃথিৱীত জীৱৰ অস্তিত্বৰ বাবে পৰিবেশ অনুকূল কৰি ৰাখে। তেওঁলোকে লগতে কয় যে, জৈৱ ইন্ধনৰ অন্তহীন উৎস থকাৰ পৰিপ্ৰেক্ষিতত এই ইন্ধনৰ নাটনি হোৱাৰ কোনো আশংকা নাথাকে। আৱৰ্জনা, বিভিন্ন বর্জ সামগ্ৰী আদি ব্যৱহাৰৰ দ্বাৰাও জৈৱ ইন্ধন উৎপাদন কৰিব পাৰি বুলি তেওঁলোকে কয়। ভাৰতে জৈৱ ইন্ধনৰ ব্যৱহাৰৰ ওপৰত আৰোপ কৰা গুৰুত্বৰ বাবে ২০১৪ চনত জীৱাশ্ম ইন্ধনৰ সৈতে ইথানল মিশ্রণ ১.৪ শতাংশৰ পৰা যোৱা বছৰত ১৫ শতাংশলৈ বৃদ্ধি পাইছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। এই মিশ্রণ ২০ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। যুৱ প্ৰজন্ম জৈৱ ইন্ধন উৎপাদনৰ দ্বাৰা স্বাৱলম্বী হ’ব পাৰে বুলি উল্লেখ কৰি তেওঁলোকে কয় যে এই ইন্ধনৰ এখন উন্নত বজাৰ আছে আৰু সংশ্লিষ্ট কোম্পানীসমূহে উৎপাদিত স্থানৰ পৰাই এই ইন্ধন ক্রয় কৰে। অৱশ্যে এইক্ষেত্ৰত মাটিৰ চাহিদা, পানীৰ প্ৰয়োজন অধিক আদিব বাবে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হয় যদিও এনে প্রত্যাহ্বান গ্ৰহণ কৰি সফল হ’ব পৰা যায় বুলি তেওঁলোকে কয় ।
Site Admin | November 10, 2024 11:26 AM | Dristipat-Akashvani GHY