ডাউনলোড
মোবাইল এপ

android apple
signal

অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বোর্ডৰ দ্বাৰা লখিমপুৰ জিলাৰ ১০ গৰাকী সংখ্যালঘু হিতাধিকাৰীৰ মাজত ই-ৰিক্সা বিতৰণ

অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বোর্ডৰ দ্বাৰা আজি লখিমপুৰ জিলাৰ ১০ গৰাকী সংখ্যালঘু হিতাধিকাৰীৰ মাজত ই ৰিক্সা বিতৰণ কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত সংখ্যালঘু উন্নয়ন বোর্ডৰ ই ৰিক্সা বিতৰণ অনুষ্ঠান মুকলি কৰি লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাই বৰ্তমান চৰকাৰে সংখ্যালঘু নিবনুৱা যুৱক- যুৱতীৰ স্বাৱলম্বনৰ বাবে গ্ৰহণ কৰা আঁচনিৰ বিষয়ে উল্লেখ কৰি ই ৰিক্সাৰ দ্বাৰা নিবনুৱা যুৱকসকল আত্মনিৰ্ভৰশীল হব বুলি আশা প্রকাশ কৰে।

May be an image of 11 people and people smilingMay be an image of scooter, golf buggy and segwayMay be an image of 8 people and temple

এই উপলক্ষে মহকুমা কল্যাণ বিষয়াৰ সহযোগত উত্তৰ লখিমপুৰ আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত ই ৰিক্সা বিতৰণ অনুষ্ঠানত মুখ্য অতিথিৰূপে অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী তথা লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। অতিৰিক্ত জিলা আয়ুক্তই আদৰণি ভাষণেৰে আৰম্ভ কৰা অনুষ্ঠানত নৱ নিযুক্ত জিলা আয়ুক্ত, উন্নয়ন আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, জিলা পৰিষদৰ কাৰ্যবাহী সদস্য, সমাজকর্মী আদি উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক