September 7, 2024 7:24 PM | Assam Govt

printer

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে গঠিত সমিতিৰ পৰামৰ্শৰ ৫২ টা পৰামৰ্শ অহাবছৰৰ ১৫ এপ্ৰিলৰ ভিতৰত কাৰ্যকৰীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত সমিতিয়ে দিয়া পৰামৰ্শৰ ভিতৰত ৫২ টা পৰামৰ্শ অহাবছৰৰ ১৫ এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে সমিতিয়ে দিয়া ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫টা প্রক্রিয়াগত হিচাপে বিবেচনা কৰা হৈছে। আনহাতে, কেইটামান পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয়েৰে সহমতৰ প্ৰয়োজন। এনেধৰণৰ কেইটামান পৰামৰ্শ ৰূপায়ণৰ বাবে সংবিধান সংশোধনৰো প্ৰয়োজন হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। ড° শৰ্মাই কয় যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব পৰা ৫২ টা পৰামৰ্শৰ ভিতৰত ভাষা আৰু ভূমিৰ অধিকাৰৰ লগতে সাংস্কৃতিক ৰক্ষণাবেক্ষণ সম্পৰ্কীয় বিষয়ো জড়িত হৈ আছে। তদুপৰি ভাষাৰ ক্ষেত্ৰত আগবঢ়োৱা কেইটামান পৰামৰ্শ কাৰ্যকৰী কৰাৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থা, বি টি আৰ, কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদ তথা বৰাক উপত্যকাৰ জনসাধাৰণৰ সৈতে আলাপ-আলোচনাৰ প্রয়োজন হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে, ব্ৰহ্মপুত্ৰ উপত্যকাত এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ দিশত কোনো অসুবিধা নহয় বুলি তেওঁ উল্লেখ কৰে। এনেধৰণৰ ৫২ টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে পৰৱৰ্তী ৩-৪ মাহ ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ সৈতে ৰাজ্য চৰকাৰে আলাপ-আলোচনা কৰি নির্ণায়ক সিদ্ধান্ত ল’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা বিষয়সমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ঐকান্তিক প্রচেষ্টাৰে আলোচনা কৰি এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ প্ৰয়াস চলাব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ইফালে, ৰাজ্যখনৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিবলৈ চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহৰ সৈতে সু-সমন্বয় ৰক্ষা, অতিৰিক্ত সুৰক্ষা কৰ্মী মোতায়েন আৰু তদাৰকী ব্যৱস্থা শক্তিশালীকৰণকে ধৰি চৰকাৰে এলানি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ দ্বাৰা বিদেশী নাগৰিকক চিনাক্তকৰণ প্ৰক্ৰিয়া দ্রুত আৰু ত্বৰান্বিত কৰি তোলা হ’ব। চলিত বছৰৰ জানুৱাৰীৰ পৰা ৫৪ জন অনুপ্ৰৱেশকাৰী চিনাক্ত কৰা হৈছে আৰু ইয়াৰে ৪৮ জনেই কৰিমগঞ্জ জিলাৰ বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ৪ জন বঙাইগাঁৱৰ আৰু এজনকৈ হাফলং আৰু ধুবুৰীৰ বুলি তেওঁ উল্লেখ কৰে। একেদৰে ৰাজ্য চৰকাৰে সীমান্ত অঞ্চলত পহৰা ব্যৱস্থা কটকটীয়া কৰাৰ উপৰি চোৰাংচোৱা সংস্থাক শক্তিশালী কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে। তদুপৰি চিনাক্ত কৰা সকলো অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰাটো চৰকাৰে নিশ্চিত কৰিব বুলি তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে পূর্বে আবণ্টন বন্ধ হৈ থকা ৯ লাখ ৫৫ হাজাৰ আধাৰ আবণ্টনৰ ব্যৱস্থা কৰা হৈছে যদিও ধুবুৰী-গোৱালপাৰাকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত জনসংখ্যাতকৈ অধিক আধাৰ কাৰ্ড জাৰি হৈছে আৰু ইয়াৰ পৰা কাৰ্ড লাভ কৰাসকলৰ ভিতৰত বিদেশী নাগৰিক থকা বুলি সন্দেহ ঘণীভূত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ২০১৪ চনত অৰ্থাৎ প্ৰাৰম্ভিক অৱস্থাতে এন আৰ চিত নাম পঞ্জীয়নৰ বাবে আবেদন কৰা লোকসকলেহে আধাৰ কাৰ্ড লাভ কৰিব পাৰিব বুলি ১০ দিনৰ ভিতৰত নিৰ্দেশ জাৰি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। আধাৰ কাৰ্ড আবণ্টনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সকলো দিশ চালি-জাৰি চাইহে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে। আনহাতে, চাহ বাগিচাৰ লোকসকলৰ বাবে আধাৰ প্ৰদানৰ ক্ষেত্ৰত এই নিৰ্দেশ প্রযোজ্য নহ’ব বুলি তেওঁ জানিবলৈ দিয়ে। অহা ১ অক্টোবৰৰ পৰা নতুনকৈ ৰাজ্যখনত প্ৰাপ্তবয়স্ক লোকে আধাৰ লাভ কৰাৰ ক্ষেত্ৰত নিৰ্ধাৰিত পুংখানুপুংখ নীতি-নিয়মৰ মাজেৰেহে ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক