ৰাজ্যৰ প্ৰথমখন চিকিৎসা প্রতিষ্ঠান অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে ডিব্ৰু মহাবিদ্যালয়ৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ছাত্র সমাজৰ সৈতে মত বিনিময় কৰে। অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্ৰী সোণোৱালে বিজ্ঞানসন্মত মানসিকতা গঢ়াৰ বাবে চিকিৎসকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি মন্তব্য কৰে । ক’ভিডৰ দৰে অতিমাৰীয়ে সৃষ্টি কৰা ভাবুকিৰ সন্মুখীন হ’বলৈ চিকিৎসক সমাজৰ লগতে বিজ্ঞানীসকলৰ অপৰিহাৰ্য অৱস্থিতিৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অসম চিকিৎসা মহাবিদ্যালয় অসম আৰু উত্তৰ- পূৰ্বাঞ্চলৰ গৌৰৱ হোৱাৰ লগতে উজনি অসমৰ চিকিৎসাৰ প্ৰাণকেন্দ্ৰস্বৰূপে প্রতিষ্ঠানটোৱে অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ ৰোগীসকলৰ বাবে অপৰিসীম সেৱা আগবঢ়াই আহিছে বুলি আজি ভাষণ প্ৰসংগত মন্ত্রী সোণোৱালে উল্লেখ কৰে। উল্লেখযোগ্য যে ১৯৪৭ চনৰ ৩ নৱেম্বৰৰ দিনা পূৰ্বৱৰ্তী বেৰীহোৱাইট মেডিকেল স্কুলৰ ঠাইত অসম চিকিৎসা মহাবিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল। তেওঁ লগতে যিসকল প্রথিতযশা ব্যক্তিৰ চিন্তা আৰু প্ৰচেষ্টাৰ ফলত মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল, তেওঁলোককো কৃতজ্ঞতাৰ সৈতে স্মৰণ কৰে। -বাইট- প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰা, সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক বলীন চেতিয়া, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱ কাকতিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিও আজিৰ কাৰ্যসূচীত উপস্থিত থাকে। ইফালে, কেন্দ্রীয় মন্ত্রী সোণোৱালে আজি ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি মহাবিদ্যালয়খনে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ পৰা লাভ কৰা উচ্চ সন্মানৰ প্ৰশংসা কৰে। একবিংশ শতিকা প্রতিযোগিতাৰ শতিকা বুলি উল্লেখ কৰি শ্ৰী সোণোৱালে ছাত্ৰ-ছাত্ৰীসকলক নিজকে মানৱ সম্পদৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত গভীৰভাৱে মনোনিবেশ কৰিবলৈ আহ্বান জনায়।
Site Admin | November 3, 2024 7:28 PM | Assam medical college