অসম গণ পৰিষদ দলৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Image

ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত জন্মলাভ কৰা আঞ্চলিক দল অসম গণ পৰিষদ দলে আজি ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। ডিব্ৰুগড় জিলাৰ লাহোৱাল-চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত জেৰাই গাঁৱত আজি দিনযোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে দলটোৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। দলৰ সভাপতি অতুল বৰাই পতাকা উত্তোলনেৰে আৰম্ভ কৰা এই কাৰ্যসূচীত জিলা সমিতিসমূহৰ সভাপতিসকল আৰু দলৰ আন জ্যেষ্ঠ নেতাসকলে ৪০ খন পতাকা উত্তোলন কৰে। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত শ্বহীদ তৰ্পণ কৰি দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই অসম আন্দোলনৰ সময়ত শ্বহীদসকলকে ধৰি দলৰ অন্যান্য নেতা-কৰ্মীসকলৰ অৱদান স্মৰণ কৰে। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সভাত ভাষণ দি দলৰ সভাপতি শ্ৰী বৰাই কয় যে, অসম গণ পৰিষদৰ প্ৰগতিশীল জাতীয়তাবাদী দর্শনেই ৰাইজৰ আস্থা বৃদ্ধিৰ মূল কাৰক। দলটোৰ জন্মৰ আঁৰত অজস্ৰজনৰ সংগ্ৰাম আৰু আত্মত্যাগৰ বিষয়েও সভাপতিগৰাকীয়ে স্মৰণ কৰে। সভাত কাৰ্যকৰী সভাপতি শ্ৰী মহন্তৰ উপৰি দলৰ জ্যেষ্ঠ নেতা তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰ, বিধায়ক তথা নেতা পৃথ্বীৰাজ ৰাভা আৰু পোনাকণ বৰুৱাকে ধৰি বহু ব্যক্তি উপস্থিত আছিল।

Image
ইফালে গোলাঘাটতো দলৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। জিলাখনৰ বোকাখাটত দিনযোৰা কাৰ্যসূচীৰে এই প্ৰতিষ্ঠা দিৱসটি পালন কৰা হয়। ৰঙিয়া বিধানসভা সমষ্টিৰ দলৰ মুখ্য কাৰ্যালয়তো প্ৰতিষ্ঠা দিৱস দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে আয়োজিত সভাত সাংসদ দিলীপ শ‍ইকীয়া উপস্থিত থাকে। মাজুলী জিলা অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে দলৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। বৰপেটাৰ জিলা কাৰ্যালয়ত প্ৰতিষ্ঠা দিৱস দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই কাৰ্যসূচীত জিলা সমিতিৰ সভাপতি তথা প্রাক্তন বিধায়ক গুণীন্দ্র নাথ দাস, প্রাক্তন বিধায়ক ডা০ তাৰাপ্ৰসাদ দাসকে ধৰি বহু ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক