August 25, 2024 6:58 PM | Atul Bora

printer

অসম গণ পৰিষদৰ সাংগঠনিক পৰিকাঠামো অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে ৭ দিনীয়া বুথ সন্মিলনৰ আয়োজন

অসম গণ পৰিষদৰ সাংগঠনিক পৰিকাঠামো অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে আজিৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে বুথ সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত দলটোৰ সভাপতি অতুল বৰা প্ৰমুখ্যে সাংসদ, বিধায়ক, কেন্দ্রীয় সমিতিৰ বিষয়ববীয়া তথা জিলা বিধানসভা আৰু আঞ্চলিক সমিতিৰো সদস্যসকলে অংশগ্ৰহণ কৰিব। পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তেলিয়ামৰিয়া বুথ সমিতিৰ সভাত উপস্থিত থাকে৷ সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে সমাগত পঞ্চায়ত নিৰ্বাচনত আশাপ্রদ সফলতা কামনা কৰি কৰ্মকৰ্তাসকলক নিষ্ঠাৰে সাংগঠনিক কাম-কাজত মনোনিবেশ কৰিবলৈ আহ্বান জনায়। অতুল বৰাই আজি কমাৰবন্ধাত ডেৰগাওঁ বিধানসভা সমষ্টি অসম যুৱ পৰিষদৰ কাৰ্যবাহী বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত অংশগ্ৰহণ কৰি শ্ৰীবৰাই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সৈতে শক্তিশালী সম্পৰ্ক গঢ়ি তুলিবলৈ দলীয় কৰ্মকৰ্তাসকলৰ প্ৰতি আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক