ৰাজ্যত মহাবিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ বাবে এতিয়াৰে পৰা কেন্দ্ৰীয় লোকসেৱা আয়োগ অথবা অসম লোকসেৱা আয়োগৰ আৰ্হিত পৰীক্ষা অনুষ্ঠিত হ’ব। ৰাজ্য চৰকাৰে ইতিপূর্বে সংশোধন কৰা অসম মহাবিদ্যালয় কৰ্মচাৰী (প্ৰাদেশিকীকৰণ) আইনৰ অধীনত এনে ব্যৱস্থা বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহাবিদ্যালয়সমূহৰ শিক্ষক আৰু কৰ্মচাৰীসকলৰ বাবে নতুন সেৱা নিধিৰ খচৰা সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ সৈতে শেহতীয়াকৈ অনুষ্ঠিত অসম কলেজ শিক্ষক সন্থা আৰু অসম কলেজ অধ্যক্ষ পৰিষদৰ এখন বৈঠকত এই বিষয়ে আলোচনা কৰি সিদ্ধান্ত লোৱা হয়। প্রাদেশিকীকৃত মহাবিদ্যালয়ৰ শিক্ষক আৰু অনা-শিক্ষক পদৰ নিযুক্তি সম্পৰ্কীয় বিভিন্ন নিয়মৰ সংশোধনীৰে অসম মহাবিদ্যালয় কৰ্মচাৰী (প্রাদেশিকীকৰণ) আইন ২০০৫ৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিচৰা হৈছে।
Site Admin | November 23, 2024 10:52 AM | Dr. Ranoj Pegu