ডাউনলোড
মোবাইল এপ

android apple
signal

July 12, 2024 7:20 PM

printer

অসম আৰু মেঘালয়লৈ অহা ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া গুৱাহাটীত উপস্থিত

উত্তৰ-পূবক দেশৰ উন্নয়নৰ দুৱাৰমুখ হিচাপে অভিহিত কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি গুৱাহাটীত প্ৰকাশ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী শ্ৰী সিন্ধিয়াই বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা শ্বিলং অভিমুখে যাত্ৰা কৰিছে। মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ যোৱাৰ পূৰ্বে বিমান বন্দৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, বিকশিত ভাৰত আৰু বিকশিত পূৰ্বোত্তৰৰ ভৱিষ্যদর্শী আঁচনিৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনাই যে কেন্দ্ৰই ড’নাৰ মন্ত্ৰ্যালয়ৰ বাজেট আৱণ্টন ২৪ হাজাৰ কোটিৰ পৰা প্ৰায় ৮২ হাজাৰ কোটিলৈ বৃদ্ধি কৰিছে। তেওঁ কয় যে উত্তৰ-পূব হৈছে আমাৰ পুৰণি সংস্কৃত আৰু সংস্কাৰৰ ভঁৰাল। কেন্দ্ৰীয় চৰকাৰে আন্তঃগাঠনি, সংযোগ, স্বাস্থ্যসেৱা, শিক্ষা, ষ্টার্টআপ, উদ্যোগীকৰণ আৰু পৰ্যটন উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কাইলৈ মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ নেডফি হাউচ পৰিদৰ্শন কৰি বিষয়াসকলৰ সৈতে উদ্যোগীকৰণ আৰু ষ্টাৰ্টআপক অধিক প্ৰসাৰিত কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিব। উল্লেখযোগ্য যে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ভ্ৰমণৰ সময়ছোৱাত ড’নাৰ মন্ত্ৰ্যালয়ৰ বিষয়াবৰ্গ, উত্তৰ-পূব পৰিষদ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হ’ব । মন্ত্ৰীগৰাকীয়ে NERACE শীর্ষক এটা এপ্লিকেচন মুকলি কৰাৰ লগতে উত্তৰ-পূব পৰিষদৰ অন্য বিষয়াবৰ্গৰ সৈতে মত বিনিময় কৰিব।

অধিক পঢ়ক

সকলো চাওক