অসম আৰক্ষীৰ ২০২ টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ এটা সহকাৰী উপ-নিয়ন্ত্ৰক পদৰ বাবে পৰহিলৈ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। ২০২ টা উপ-পৰিদৰ্শকৰ পদৰ ভিতৰত ১৪৪টা ইউ বি, ৫১টা এ বি, ৭টা কমিউনিকেচন আৰু এটা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহকাৰী উপ-নিয়ন্ত্রক পদ অন্তৰ্ভুক্ত আছে। পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। শোণিতপুৰ জিলাৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশ অংকুৰ ভড়ালীয়ে এটা নিৰ্দেশ জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষাকেন্দ্ৰৰ পৰা এশ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এডমিট কার্ড থাকা প্ৰাৰ্থী, পৰীক্ষাৰ লগতে জড়িত কৰ্মচাৰী, আইন শৃংখলা বাহিনী আৰু চৰকাৰৰ আন অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ব্যক্তিৰ বাহিৰে আন ব্যক্তিৰ উপস্থিতি নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰিও পৰীক্ষা কেন্দ্ৰৰ এশ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাহনৰ চলাচল আৰু পাৰ্কিং নিষিদ্ধ কৰাৰ লগতে পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কেলকুলেটৰ, স্মার্টৱাছ, ব্লুটুথ ডিভাইছ আদি নিয়াৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। এই নিৰ্দেশ পুৱা ৬ বজাৰ পৰা বলবৎ হৈ পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত অব্যাহত থাকিব। নির্দেশ অমান্য কৰাা ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’বলগা প্ৰাৰ্থীসকলে এডমিট কার্ডৰ লগতে আধাৰ কাৰ্ড, পান কাৰ্ড, চালকৰ অনুজ্ঞাপত্ৰ, ভোটাৰ কাৰ্ডকে ধৰি যিকোনো এখন চৰকাৰী ফটোযুক্ত পৰিচয়পত্ৰ পৰীক্ষা কেন্দ্ৰত দেখুৱাব লাগিব।