অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে আজি দুজন জেহাদীক গ্ৰেপ্তাৰ কৰি সন্ত্ৰাসবাদী কার্যকলাপ ব্যৰ্থ কৰাৰ লগতে বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্রী জব্দ কৰে। অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা অনুসৰি এটা গোপন সূত্ৰৰ ভিত্তিত বিশেষ কার্যবাহিনীয়ে প্রঘাট অভিযানৰ অধীনত যোৱানিশা কোকৰাঝাৰৰ পৰা জেহাদী দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। গ্ৰেপ্তাৰ কৰা আব্দুল জাহিৰ শ্বেইখ আৰু ছবিৰ মির্ধা আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনৰ সদস্য বুলি সন্দেহ কৰা হৈছে। ইয়াৰে এজন জেহাদী লুকাই থকা স্থানৰ পৰা চাৰিটা হস্তনির্মিত ৰাইফল, গ্ৰেণেড আৰু বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰা হয়। আমাৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বৰ বিশেষ কার্যবাহিনীয়ে অপাৰেশ্যন প্রঘাটৰ অধীনত এতিয়ালৈকে ৰাজ্যখনত ১০ জন সন্ত্রাসবাদীক গ্ৰেপ্তাৰ কৰিছে।
Site Admin | December 25, 2024 6:46 PM | Assam Police