October 20, 2024 6:41 PM | Assam Police

printer

অসম আৰক্ষীৰ আমিনগাঁৱত ৬ কোটি টকাৰ ড্ৰাগছ জব্দ

বিশেষ কার্যবাহিনী এছ টি এফে আজি আমিনগাঁৱত ৬ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজনক কৰায়ত্ত কৰে। মণিপুৰৰ কাংপকপিৰ পৰা নামনি অসমলৈ ট্ৰাকেৰে ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰোতে এই অভিযান চলোৱা বুলি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে প্ৰকাশ কৰিছে। জব্দ কৰা হেৰোইনখিনিৰ ওজন ৬৩৭ গ্ৰাম আৰু আন্তঃৰাষ্ট্ৰীয় কলাবজাৰত ইয়াৰ দাম প্রায় ৬ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে। অভিযানত আটক হোৱা সহকাৰী ট্রাক চালক দুজনক গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক