অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ লেন্সনায়ক সৰোজ ডেকাক নীতি বহির্ভূত ধন জমা আঁচনিৰ কাম-কাজত সক্রিয়ভাৱে জড়িতৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ লেন্সনায়ক সৰোজ ডেকাক নীতি বহির্ভূত ধন জমা আঁচনিৰ কাম-কাজত সক্রিয়ভাৱে জড়িত থকাৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ভাৰতীয় সংবিধানৰ ৩১১ নম্বৰ অনুচ্ছেদ আৰু ১০ নম্বৰ নিয়মৰ অসম সেৱা অনুশাসন আৰু আপীল নীতি, ১৯৬৪-ৰ অধীনত তেওঁক বৰ্খাস্ত কৰা হৈছে। ইপিনে, গোলাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষী পৰিদৰ্শক জিতুমণি ডেকাক নীতি বহির্ভূত ধন জমা আঁচনিৰ কাম-কাজত জড়িত লোকৰ সৈতে অপ্রয়োজনীয়ভাৱে ঘনিষ্ঠতা ৰক্ষা কৰাৰ অভিযোগত চাকৰিৰ পৰা তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক