অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ কাতি বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন

কাইলৈ কাতি বিহু। পথাৰৰ লখিমীক আদৰাৰ পূৰ্বে খেতি পথাৰত চাকি, আকাশবন্তি জ্বলাই কৃষিজীৱী ৰাইজে আশীৰ্বাদ গ্রহণ কৰিব। সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰবাসীয়েও কাতি বিহু পালন কৰিবলৈ সাজু হৈছে। উল্লেখযোগ্য যে মহানগৰীত বাস কৰা নৱপ্ৰজন্মক অসমীয়া জাতিৰ চহা জীৱনৰ পৰম্পৰাৰ সৈতে পৰিচয় কৰাই দিবলৈ বৃহত্তৰ গুৱাহাটী বিহু সমন্বয় সমিতি আৰু খাৰঘূলী বিহু সন্মিলনে বিশেষ উদ্যোগ গ্রহণ কৰিছে। সেই উপলক্ষে কাইলৈ খাৰঘূলী বিহুতলিত সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলনেৰে বিহুৰ শুভাৰম্ভ কৰা হ’ব আৰু ইয়াত ধাননী পথাৰ, জুপুৰী ঘৰকে ধৰি অসমৰ চহা জীৱনৰ সঁজুলিসমূহ প্ৰদৰ্শন কৰা হ’ব। এই অনুষ্ঠানত সাংসদ বিজুলী কলিতা মেধি মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে মেয়ৰ মৃগেন শৰণীয়া, বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্যকে ধৰি বহুসংখ্যক গণ্য-মান্য বক্তি উপস্থিত থাকিব।

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কাতি বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বিবৃতিযোগে শ্রী আচার্যই কয় যে, যিহেতু অসমৰ এটা কৃষি সংস্কৃতি আছে আৰু ৰাজ্যখনৰ বৃহৎ সংখ্যক জনসাধাৰণ কৃষিৰ ওপৰত নিৰ্ভৰশীল, সেয়েহে কাতি বিহুৰ গুৰুত্ব অপৰিসীম। এই বিহুত তুলসীৰ তলত জ্বলোৱা মাটিৰ চাকিয়ে তুলসীৰ সৈতে আমাৰ অন্তৰ্নিহিত সম্পর্ক পুনৰাবৃত্তি কৰে। অসমীয়া সমাজৰ চহকী উত্তৰাধিকাৰক আগুৱাই নিয়াৰ বাবে তেওঁ সকলোকে বিহু উদযাপন কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক